দৈয়াঙৰ সম্ভাব্য বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন গোলাঘাট জিলা আয়ুক্ত, সীমান্ত দণ্ডাধীশ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে
গোলাঘাট, ২৫ জুলাই (হি.স.)। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ ৰেডিয়েল গেটেৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত দৈয়াং নৈৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনেও সজাগতা বৃদ্ধি কৰিছে। আজ
দৈয়াঙৰ সম্ভাব্য বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন গোলাঘাট জিলা আয়ুক্ত, সীমান্ত দণ্ডাধীশ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে


গোলাঘাট, ২৫ জুলাই (হি.স.)। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ ৰেডিয়েল গেটেৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত দৈয়াং নৈৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনেও সজাগতা বৃদ্ধি কৰিছে। আজি গোলাঘাট জিলা আয়ুক্ত, সীমান্ত দণ্ডাধীশ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে দৈয়াঙৰ সম্ভাব্য বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয়।

নদীৰ বৰ্তমানৰ জলস্তৰ, সুৰক্ষা ব্যৱস্থা, উদ্ধাৰ সামগ্ৰীৰ প্ৰস্তুতি আৰু আশ্ৰয় শিবিৰৰ ব্যৱস্থা পৰ্যালোচনা কৰে। লগতে স্থানীয় লোক সকলৰ সৈতে মত বিনিময় কৰি প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

আনহাতে, দুৰ্যোগৰ যিকোনো সম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি জানিবলৈ দিয়ে। দৈয়াং নদীৰ জলস্তৰ বৃদ্ধিৰ ওপৰত জিলা প্ৰশাসনে অবিৰতভাৱে নজৰ ৰাখিছে। পৰৱৰ্তী পৰিস্থিতি অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande