
কামৰূপ, ২৫ জুলাই (হি.স.)। পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰাণ গল হাজোৰ যুৱকৰ। উত্তৰ প্ৰদেশলৈ কৰ্মসূত্ৰে গৈছিল হাজোৰ দক্ষিণ শিঙৰা মামুদ আলী নামৰ যুৱকজন। পথৰ দাঁতিত মামুদ আলিৰ মৃতদেহ উদ্ধাৰ কৰে লক্ষ্ণৌত আৰক্ষীয়ে। বিধায়ক ভবেশ কলিতাৰ তৎপৰতাত স্বগৃহলৈ অনা হল মামুদৰ মৃতদেহ।
শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে চৰকাৰী ভাবে অনা হল মৃতদেহ। মৃতদেহ আহি পোৱাৰ লগে লগে বাসগৃহত সৃষ্টি হয় শোকাকুল পৰিবেশ। বহিঃৰাজ্যত কিদৰে মামুদ আলীৰ মৃত্যু হল সেই বিষয়ে বৰ্তমানো স্পষ্ট নহয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ