
শোণিতপুৰ, ২৫ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ অন্যতম নৃত্য গীতৰ চৰ্চা কেন্দ্ৰ 'স্বাগতম'ৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হৈছে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা । বালিপৰা বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত অঞ্চলটোৰ লগতে জিলা খনৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ।
স্বাগতম নৃত্যকেন্দ্ৰৰ শিক্ষয়িত্ৰী সন্ধ্যাশ্ৰী দাস আৰু ৰিয়া বসুৱে অঞ্চলটোৰ নৱ প্ৰজন্মৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ বাবে সত্ৰীয়া কলা কৃষ্টিৰ লগতে সুধাকণ্ঠ আৰু সূৰ্যকণ্ঠৰ সৃষ্টিৰাজীৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এক প্ৰয়াস কৰা বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু