
দৰঙ, ২৫ জুলাই (হি.স.)। দৰঙৰ দলগাঁৱত ছয়জন জুৱাৰীক আটক৷ দলগাঁও থানাৰ অন্তৰ্গত গদাইঝাৰ গাঁঁৱত ছাহেদ আলী নামৰ লোক এজনৰ ঘৰত জুৱা খেল চলাই থকাৰ সময়ত দলগাঁও আৰক্ষীয়ে ছয়জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়৷
জুৱাৰী কেইজন ছাহেদ আলী, আব্দুল মালেক, মকবুল হুছেইন, হাছেন আলী, জাহাংগীৰ আলম আৰু ওমৰ আলী৷ জুৱাৰী সকলৰ ঘৰ দলগাঁৱৰ গদাইঝাৰ আৰু খাৰুপেটীয়াৰ কাহিবাৰীত৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা