কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ
–অসমলৈ কৃষি আন্তঃগাঁথনি পুঁজিৰ ২,০৫০ কোটি টকা আৱণ্টন, পৰৱৰ্তী পৰ্যায়ত ৪,০০০ কোটি টকা অনাৰ প্ৰয়াস কৰা হ’ব ঃ মুখ্যমন্ত্ৰী –ৰাজ্যৰ সাধাৰণ হিতাধিকাৰীৰ ক্ষেত্ৰত কৃষি আন্তঃগাঁথনি পুঁজিৰ ঋণৰ হিতাধিকাৰীৰ অংশৰ প্তক্মশতাংশ আৰু কৃষক উৎপাদক সংস্থাৰ ক্ষেত্ৰত স
কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ


–অসমলৈ কৃষি আন্তঃগাঁথনি পুঁজিৰ ২,০৫০ কোটি টকা আৱণ্টন, পৰৱৰ্তী পৰ্যায়ত ৪,০০০ কোটি টকা অনাৰ প্ৰয়াস কৰা হ’ব ঃ মুখ্যমন্ত্ৰী

–ৰাজ্যৰ সাধাৰণ হিতাধিকাৰীৰ ক্ষেত্ৰত কৃষি আন্তঃগাঁথনি পুঁজিৰ ঋণৰ হিতাধিকাৰীৰ অংশৰ প্তক্মশতাংশ আৰু কৃষক উৎপাদক সংস্থাৰ ক্ষেত্ৰত সম্পূৰ্ণ ১০ শতাংশই বহন কৰিব ৰাজ্য চৰকাৰে

–আত্মনিৰ্ভৰশীল অসম গঢ়াৰ স্বাৰ্থত এই আঁচনিৰ সুবিধা লোৱাৰ বাবে ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকললৈ মুখ্যমন্ত্ৰীৰ আহ্বান

গুৱাহাটী, ২৫ জুলাই (হি.স.)। কৃষি আন্তঃগাঁথনিৰ উন্নয়নেৰে এখন সমৃদ্ধিশালী অসম গঢ়াৰ প্ৰয়াস হিচাপে আজি গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক, কৃষক উৎপাদক সংস্থা, কৃষিভিত্তিক উদ্যোগী আৰু বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে এই কৰ্মশালা তথা সজাগতা অনুষ্ঠানত অংশ লয়৷

উল্লেখযোগ্য যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ২০২০ চনৰ ৯ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিখন ভাৰত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ ধ্বজাবাহী আঁচনি, যাৰ জৰিয়তে শস্য চপোৱাৰ পিছৰ ব্যৱস্থাপনা আৰু সামূহিক কৃষি আন্তঃগাঁথনিৰ বাবে ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হয়৷ এই আঁচনিৰ অধীনত অৰ্হতাসম্পন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানক একোটা প্ৰকল্পত ২ কোটি টকা পৰ্যন্ত ঋণৰ বাবে সৰ্বাধিক সাত বছৰৰ বাবে বছৰি ৩ শতাংশ সুদৰ ৰেহাই আৰু বন্ধকবিহীন ঋণৰ গেৰাণ্টি প্ৰদান কৰা হয়৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন আৰু আধুনিক কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্যৰে ‘কৃষি আন্তঃগাঁথনি পুঁজি’ আঁচনিৰ সূচনা কৰিছিল৷ কৃষকে কেৱল ধান বা ফল উৎপাদন কৰাতেই ক্ষান্ত নাথাকি তাক চাউল বা ফলৰ ৰসলৈ ৰূপান্তৰ কৰা, গুদাম ঘৰ বা শীতল ভঁৰালত সংৰক্ষণ কৰা আৰু ড্ৰোণ, কাষ্টম হায়াৰিং চেণ্টাৰ, ছেন্সৰ, পাম্প, হাইড্ৰ’ক্সপনিক্স, এৰোপনিক্স, পলি হাউচ, মিলিং আৰু ঘানী স্থাপনৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰাত উৎসাহিত কৰাটোৱেই এই পুঁজিৰ মূল উদ্দেশ্য৷ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এই আঁচনিত ১ লাখ কোটি টকা আৱণ্টন কৰিছিল, যাৰ ভিতৰত ইতিমধ্যে ৯৫,০০০ কোটি টকা দেশৰ কৃষকসকলে ব্যৱহাৰ কৰি উপকৃত হৈছে৷

মুখ্যমন্ত্ৰীয়ে কয় যে সাধাৰণতে বেংকে ঋণ প্ৰদানৰ বাবে বন্ধকী বিচাৰে, যিটো সৰ্বসাধাৰণ কৃষকৰ বাবে প্ৰদান কৰা সম্ভৱ নহয়৷ ইয়াৰ উপৰি পূৰ্বৰ কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ সময়ত ২০০০ কোটি টকাৰ ঋণ ঘূৰি নহাৰ ফলত বেংকসমূহৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল আৰু অসমত আঁচনিখন একপ্ৰকাৰ বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ তেওঁ উল্লেখ কৰে যে জমাধনৰ বিপৰীতে বেংকৰ ঋণ প্ৰদানৰ অনুপাত অসমত পূৰ্বৰ ৩২ শতাংশৰ পৰা বৰ্তমান ৭০ শতাংশলৈ বৃদ্ধি পাইছে যদিও ইয়াক ৯০ শতাংশলৈ নিয়াৰ থল আছে, অৰ্থাৎ অসমে আৰু ২০ শতাংশ ঋণ ল’ব পাৰে৷ কৃষকৰ বন্ধকীৰ সমস্যা দূৰ কৰিবলৈকে প্ৰধানমন্ত্ৰীয়ে এটা ‘ক্ৰেডিট গেৰাণ্টি ফাণ্ড’ গঠন কৰিছে, যিয়ে কৃষকৰ ঋণৰ গেৰাণ্টি ল’ব আৰু বেংকসমূহক সুৰক্ষা প্ৰদান কৰিব৷

এই আঁচনিৰ জৰিয়তে ২ কোটি টকালৈকে ঋণৰ ওপৰত চৰকাৰে ৩ শতাংশ সুতৰ ৰেহাই প্ৰদান কৰে আৰু সুতৰ হাৰ সৰ্বাধিক ৯ শতাংশৰ ভিতৰত সীমিত ৰখা হয়৷ সাধাৰণ ঋণত হিতাধিকাৰীৰ অংশ ২৫ শতাংশৰ বিপৰীতে এই আঁচনিত বেংকে ৯০ শতাংশ ঋণ দিয়ে আৰু হিতাধিকাৰীয়ে মাত্ৰ ১০ শতাংশ বহন কৰিব লাগে৷ ৰাজ্যৰ হিতাধিকাৰীসকলৰ বাবে ইয়াৰে ৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰি তেওঁ কয় যে কৃষক উৎপাদক সংস্থাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে হিতাধিকাৰীৰ অংশৰ সম্পূৰ্ণ ১০ শতাংশই বহন কৰিব৷ এই আঁচনিৰ উপভোক্তাসকলে পিএম কুসুম, পিএম এফ এম ই, এম আই ডি এছ আৰু আৰ কে ভি ৱাই আদি অন্যান্য চৰকাৰী আঁচনিৰো সুবিধা একেলগে গ্ৰহণ কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে৷

ভাৰত চৰকাৰে অসমৰ বাবে এই পুঁজিৰ পৰা ২,০৫০ কোটি টকা আৱণ্টন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈকে ৰাজ্যখনৰ ৮৯৩ গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু উদ্যোগীলৈ ৰ,১৮১ কোটি টকাৰ ঋণ অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ৭৩৬ কোটি টকা ইতিমধ্যে তেওঁলোকৰ একাউণ্টত সোমাইছে৷ এইক্ষেত্ৰত তেওঁ ৰাজ্যৰ কেইবাগৰাকীও সফল হিতাধিকাৰীৰ নাম উল্লেখ কৰে, যিসকলে এই আঁচনিৰ অধীনত সৰ্বাধিক ১৩ কোটি টকা পৰ্যন্ত ঋণ লাভ কৰিছে৷ ৰাজ্যৰ জিলাসমূহৰ ভিতৰত নগাঁও জিলাৰ সৰ্বাধিক ১৩১ গৰাকী হিতাধিকাৰীয়ে এই ঋণ লাভ কৰিছে বুলি তেওঁ অৱগত কৰে৷

মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যলৈ অনুমোদিত পুঁজিৰ পৰা অসমে এতিয়াও অতিৰিক্ত ৯০০ কোটি টকাৰ ঋণ ল’ব পাৰে৷ তেওঁ লগতে সদৰী কৰে যে প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ আৰু ১ লাখ কোটি টকাৰ অনুমোদন জনাইছে৷ যোৱাবাৰ ২,০০০ কোটি টকাৰ আৱণ্টন পোৱা অসমৰ বাবে এইবাৰ ৪০০০ কোটি টকাৰ পুঁজি অনাৰ প্ৰয়াস কৰা হ’ব বুলি তেওঁ অৱগত কৰে৷

অসম এখন বানপীড়িত ৰাজ্য হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডত পৰম্পৰাগত ধানখেতিৰ সমান্তৰালভাৱে উদ্যান শস্য আৰু উচ্চ মূল্যৰ কৃষি সামগ্ৰী উৎপাদনত গুৰুত্ব আৰোপ কৰে৷ তেওঁ উল্লেখ কৰে যে অসমত চাউলৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডতে ভঁৰালঘৰৰ প্ৰয়োজন আৰু ব্যাপক চাহিদালৈ লক্ষ্য ৰাখি সৰিয়হৰ তেলৰ সংসাধন বৃদ্ধিৰো যথেষ্ট থল আছে৷ কাৰ্বি আংলং আৰু শিলচৰৰ ধলাই অঞ্চলৰ আদা আৰু আনাৰস, অসমৰ নেমু, ভোট জলকীয়া, ৰঙা চাউল, কোকৰাঝাৰৰ কাঠফুলা আদিৰ সংসাধনৰ মাধ্যমেৰে কৃষকে উচিত মূল্য লাভ কৰিব পাৰে বুলি তেওঁ কয়৷ চাহপাতৰ ক্ষেত্ৰত মেচিনৰ সলনি ঢেঁকীত খুন্দা অৰ্গেনিক চাহৰ সুকীয়া সোৱাদ আৰু ব্যাপক চাহিদাৰ কথা উদাহৰণস্বৰূপে উল্লেখ কৰি তেওঁ চাহ সংসাধনো এই আঁচনিৰ অনুমোদিত প্ৰকল্প বুলি স্পষ্ট কৰে৷ নিজৰ শেহতীয়া জাপান ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয় যে তাৰ হোটেলত পৰিৱেশ-অনুকূল বাঁহৰ টুথব্ৰাছ ব্যৱহাৰ কৰা হয়৷ বাঁহৰ পৰা টুথপেষ্টকে ধৰি ১৮০ বিধ সামগ্ৰী প্ৰস্তুত কৰিব পাৰি আৰু বৰ্তমান নুমলীগড়ত বাঁহৰ পৰা তেল উৎপাদন কৰি থকা হৈছে বুলি তেওঁ উদাহৰণ দাঙি ধৰে৷

এইদৰে কৃষিজাত সামগ্ৰীৰ সঠিক ব্যৱহাৰ আৰু সংসাধনৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যত বৰ্তমান ৰাজ্যৰ ৮০০ ৰো অধিক উদ্যোগী স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি অহাটো অতিশয় আনন্দৰ খবৰ বুলি সন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকলক এই আঁচনিৰ সুবিধা ল’বৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়৷ এই অভিলাষী আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো মন্ত্ৰী-বিধায়ক, কৃষি বিভাগ আৰু বেংকসমূহক আহ্বান জনায় যাতে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ যুৱক-যুৱতীসকল ইয়াৰ লগত জড়িত হ’ব পাৰে৷

আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কৃষি ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী নীলিমা দেৱী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, সাংসদ বিজুলী কলিতা মেধি, বিধায়কসকল ক্ৰমে দিগন্ত কলিতা, ৰূপক শৰ্মা, চক্ৰধৰ গগৈ, বিজয় গুপ্তা, মিলন দাস, শশীকান্ত দাস, প্ৰকাশ দাস, বিকন চন্দ্ৰ ডেকা, কিশোৰ নাথ আৰু তপন দাস, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ যুটীয়া সচিব আনবালাগান পি, ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ আয়ুক্ত-সচিব অৰুণা ৰাজ’ৰিয়া প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকল আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা কৃষি উদ্যোগীসকল উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande