
গুৱাহাটী, ২৫ জুলাই (হি.স.)। উজনি অসমৰ বিধ্বংসী বানপানীক কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দি সাহায্য, উদ্ধাৰ, পুনসংস্থাপন, আৰু দীৰ্ঘম্যাদী পুনৰ্নিৰ্মাণৰ বাবে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা ফোন বাৰ্তালাপৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।
মুখ্যমন্ত্রীয়ে ছ’চিয়েল মিডিয়াত এই কথা শ্বেয়াৰ কৰি কয় যে প্রধানমন্ত্রী মোদীয়ে ব্যক্তিগতভাৱে ফোন কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দর্ভত সোধা-পোছা কৰে৷ আন হাতে বিধ্বংসী বানত জীৱন আৰু সা সম্পত্তি হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে এই প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰিবলৈ প্ৰতিটো স্তৰতে অসম চৰকাৰৰ সৈতে থিয় দিছে আৰু সাহায্য, উদ্ধাৰ, পুনসংস্থাপন, আৰু পুনৰ নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াব।
মুখ্যমন্ত্রী শর্মাই প্রধানমন্ত্রীক ৰাজ্য চৰকাৰে চলাই থকা সাহায্য আৰু উদ্ধাৰ অভিযান সন্দর্ভত অৱগত কৰি প্রশাসনে ক্ষতিগ্রস্ত পৰিয়ালক সাহায্য প্রদানৰ বাবে অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে বুলি অৱগত কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি, সাহায্য অভিযানৰ অগ্ৰগতি, ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিতংভাৱে সোধা-পোছা কৰে।
ইফালে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰালয়ৰ দল আজি অসমত উপস্থিত হৈছে। এই দলটোৱে বানপীড়িত অঞ্চলসমূহৰ ঠাইতে পৰিদৰ্শন কৰিব আৰু ক্ষতিৰ মূল্যায়ন কৰিব, আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত সাহায্য, পুনৰ্বাসন, আৰু পুনৰ্নিৰ্মাণৰ বাবে অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ সিদ্ধান্ত লোৱা হ’ব। তাৎক্ষণিক সাহায্য পৰ্যায়ৰ পিছত প্ৰদান কৰিবলগীয়া সৰ্বাংগীন সাহায্য নিৰ্ধাৰণৰ ক্ষেত্ৰত দলটোৰ মূল্যায়নে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
শুকুৰবাৰে নিশা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা বান বুলেটিন অনুসৰি ৰাজ্যৰ ৮৫৬খন গাঁও এতিয়াও ডুব গৈ আছে। বিগত ২৪ ঘন্টাত বান-সম্পৰ্কীয় ঘটনাত ১৪ জন লোকৰ মৃত্যু হৈছে। বৃহৎ সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাৰ পিছতো বহু অঞ্চললৈ সাহায্য সামগ্ৰী যোগান ধৰাটো এতিয়াও এক প্ৰত্যাহ্বান হৈয়ে আছে।
শুকুৰবাৰে এখন সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে প্ৰায় ৮০ হাজাৰ লোক এতিয়াও সাহায্য সামগ্ৰীৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ ভিতৰত শিৱসাগৰ জিলাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত নাজিৰা অঞ্চলৰ প্ৰায় ৫০ হাজাৰ লোক আৰু জিলাখনৰ অন্যান্য প্ৰান্তৰ প্ৰায় ৩০ হাজাৰ লোক। তেওঁ কয় যে বহু ঠাইত বানপানীৰ পানী কমিবলৈ আৰম্ভ কৰিছে যদিও বৃহৎ পৰিমাণৰ বোকা আৰু পলি জমা হোৱাৰ বাবে বহু গাঁও এতিয়াও সাহায্য নেটৱৰ্কৰ সৈতে সম্পূৰ্ণৰূপে সংযোগ স্থাপন কৰিব পৰা নাই।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ