হোজাইৰ উত্তৰ বিদ্যানগৰত ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ লুতপাত
হোজাই, ২৫ জুলাই (হি.স.)। হোজাইৰ উত্তৰ বিদ্যানগৰত কালি নিশা চুৰিকাণ্ডৰ ঘটনা। নিশা চোৰে নাৰায়ণ ঘোষ নামৰ ব্যক্তিজনৰ গেলামালৰ বিপনীত চলালে চাফাই অভিযান। চোৰে লুটি নিলে নগদ চল্লিছ হাজাৰ টকাৰ সৈতে এডাল সোণৰ ছেইন আৰু আঙঠি। চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ
হোজাইৰ উত্তৰ বিদ্যানগৰত ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ লুতপাত


হোজাই, ২৫ জুলাই (হি.স.)। হোজাইৰ উত্তৰ বিদ্যানগৰত কালি নিশা চুৰিকাণ্ডৰ ঘটনা। নিশা চোৰে নাৰায়ণ ঘোষ নামৰ ব্যক্তিজনৰ গেলামালৰ বিপনীত চলালে চাফাই অভিযান। চোৰে লুটি নিলে নগদ চল্লিছ হাজাৰ টকাৰ সৈতে এডাল সোণৰ ছেইন আৰু আঙঠি। চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰল বিপনীত থকা চিচি টিভি কেমেৰাত।

ঘটনা সন্দৰ্ভত ভুক্তভোগী নাৰায়ণ ঘোষে এজাহাৰ দাখিল কৰিছে হোজাই থানাত। হোজাই আৰক্ষীয়ে চিচি ফুটেজৰ সহায়ত চুৰি সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande