
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নীতিন নবীনে কয় যে শিক্ষামন্ত্ৰী হিচাপে তেওঁ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সৰ্বাংগীন সংস্কাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰে।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এক বাৰ্তাত বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বহল জনস্বাৰ্থক অগ্ৰাধিকাৰ দি তেওঁৰ পদত্যাগে জনজীৱনত সততা, জবাবদিহিতা আৰু নিস্বাৰ্থ সেৱাৰ উচ্চতম মানদণ্ড প্ৰতিফলিত কৰে । এই সিদ্ধান্তত দলটোৱে ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে দৃঢ়তাৰে থিয় দিছে বুলি উল্লেখ কৰি তেওঁৰ ভৱিষ্যতৰ বাবে শুভকামনা জনায় ।
উল্লেখযোগ্য যে নীট প্ৰশ্নকাকত ফাদিলক লৈ দীৰ্ঘদিনীয়া প্ৰতিবাদ আৰু ছাত্ৰ-ছাত্ৰীৰ হেঁচা বৃদ্ধি পোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদৰ পৰা পদত্যাগ কৰে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ