
মানকাচৰ, ২৫ জুলাই (হি.স.): মানকাচৰত স্বচ্ছ ভাৰত অভিযান’ৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । ‘কাইতৰ’ এনজিও-ৰ বিৰুদ্ধে ভুৱা বিল উঠোৱাৰ অভিযোগ | কাইতৰ’ এনজিও-ৰ বিৰুদ্ধে জিলা প্ৰশাসনক তদন্তৰ দাবী জনাইছে ৰাইজে ।
মানকাচৰ বজাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী, সচিব আৰু মানকাচৰ উন্নয়ন খণ্ডৰ বিষয়া বিৰুদ্ধে ধন হৰলুকিৰ অভিযোগ উত্থাপিত হৈছে । আৱৰ্জনা ভালদৰে চাফা নকৰাকৈ বৃহৎ অংকৰ চৰকাৰী ধন হৰলুকি কৰা হৈছে । ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰৰ ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত মানকাচৰ চহৰৰ আৱৰ্জনা সংগ্ৰহৰ দায়িত্বত থকা ‘কাইতৰ’ নামৰ এনজিও-ৰ বিৰুদ্ধে বৃহৎ অনিয়মৰ অভিযোগ উঠিছে ।
আৱৰ্জনা ভালদৰে নিষ্কাষণ নকৰাৰ ফলত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে। মানকাচৰ বজাৰৰ বিভিন্ন স্থানত আৱৰ্জনাৰে ভৰি পৰা পৰিলক্ষিত হৈছে। মানকাচৰ নামঘৰৰ কাষতে আৱৰ্জনাৰ দ’ম পেলোৱাৰ ফলত ভয়ানক দুৰ্গন্ধ বিয়পিছে। যোৱা এটা বছৰ ধৰি আৱৰ্জনা নিষ্কাষণ নকৰাত মাখি-মহৰ উপদ্ৰৱ বাঢ়িছে। বিষাক্ত দুৰ্গন্ধই নামঘৰলৈ অহা ভক্ত আৰু পথচাৰীৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। স্থানীয় ৰাইজে প্ৰশাসনক বাৰে বাৰে জনোৱাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। অতি সোনকালে আৱৰ্জনা আঁতৰাই অঞ্চলটো পৰিষ্কাৰ কৰিবলৈ আৰু দায়িত্বত থকা সংস্থাৰ কামৰ তদন্ত কৰিবলৈ জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ ওচৰত দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ