
গুৱাহাটী, ২৫ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত সৃষ্টি হোৱা উজনি অসমৰ বান পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ২৪ জুলাইত প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যত আৰু ১৪ জন লোকৰ মৃত্যু হোৱাত মুঠ মৃত্যুৰ সংখ্যা ৬১ জনলৈ বৃদ্ধি পাইছে।অসমত বিপদৰ চিহ্নৰ ওপৰেৰে বৈ যোৱা নদীসমূহৰ ভিতৰত দিখৌ (শিৱসাগৰ), দিছাং (নংলামুৰঘাট), ধনশিৰি (নুমলীগড়), আৰু কুশিয়াৰা (শ্ৰীভূমী) অন্যতম।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যুদ্ধৰ ভিত্তিত বান প্রতিক্রিয়াৰ সকলো ব্যৱস্থা ব্যক্তিগতভাৱে নিৰীক্ষণ কৰি আছে ৷ লগতে ৰাজ্যৰ মন্ত্ৰীসকলক ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে । ইফালে, বানপীড়িত জিলা দণ্ডাধীশসকলৰ সৈতে শুকুৰবাৰে ভাৰ্চুৱেলি কথা পাতি মুখ্যমন্ত্ৰীয়ে সাহায্য অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে।
বৰ্তমান গোলাঘাট, চৰাইদেউ, ডিব্ৰুগড়, হোজাই, নগাঁও, বিশ্বনাথ, যোৰহাট, ধেমাজি, শিৱসাগৰ, শোণিতপুৰ, কামৰূপ (মেট্ৰ'), কাৰ্বি আংলংকে ধৰি মুঠ ১২ খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে । সমগ্ৰ ১২খন জিলাৰ ৩৭টা ৰাজহ বিভাগৰ মুঠ ৮৫৬খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যৰ মুঠ ৭,০৫,১৪৮ জন লোক বানত আক্ৰান্ত হৈছে আৰু ৫৬,৬০৬,৭৭৭ হেক্টৰ কৃষিভূমি ডুব গৈছে।
ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্তসকলৰ বাবে ৯৬টা সাহায্য শিবিৰ আৰু ২৬৭টা সাহায্য বিতৰণ কেন্দ্ৰকে ধৰি মুঠ ৩৬৩টা শিবিৰ স্থাপন কৰিছে। বৰ্ণাত্য ১১৫,২০৫ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ থকাৰ বিপৰীতে ২ লাখ ৫৬ জন অশিবিৰ বাসিন্দাই সাহায্য বিতৰণ কেন্দ্ৰত সাহায্য লাভ কৰি আছে।
ইফালে ২৪ জুলাইত বানপানীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১৪ জন হয়গৈ । চৰাইদেউত ৭টা, শিৱসাগৰত ৬টা আৰু যোৰহাটত এটা মৃতদেহ উদ্ধাৰ কৰা হয়। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মুঠ জীৱ-জন্তুৰ সংখ্যা ৩,৩৪,০২০, য’ত ৯৬,৪৮৩টা ডাঙৰ জীৱ-জন্তু, ৫৩,৬৯২টা সৰু প্ৰাণী, আৰু ১৮৩,৮৪৫টা হাঁহ-কুকুৰাৰ জীৱ-জন্তু আছে। যোৰহাট জিলাৰ চাৰিটা, ডিব্ৰুগড় জিলাৰ এটা, শিৱসাগৰ জিলাৰ ১৭,১০২টাকে ধৰি মুঠ ১৭,১০৭টা জীৱ-জন্তু বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।
এছডিআৰএফ, ডিডিআৰএফ, এনডিআৰএফ, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা (এফ এণ্ড ই এছ), চক্ৰ কাৰ্যালয়/স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা/প্ৰশিক্ষিত স্বেচ্ছাসেৱক, আৰু অগ্নিনিৰ্বাপক বিভাগে বান সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত।
ইফালে ৰাজ্য চৰকাৰে বানাক্ৰান্ত অঞ্চলত মুঠ ১৩৯টা চিকিৎসা দল মোতায়েন কৰে । লগতে ৬৩খন নাও উদ্ধাৰ অভিযানত নিয়োজিত হৈছিল। বানপানীত আবদ্ধ হৈ থকা ৯৯৮ জন লোকক নাৱেৰে উদ্ধাৰ কৰা হৈছে ।
ৰাজ্য চৰকাৰে বানপীড়িত লোকৰ মাজত খাদ্য সামগ্ৰীৰূপে চাউল (কুইণ্টলত): ২১০৯.৮৪৩, দাইল (কুইণ্টলত): ৩৮৩.৯২৫৪, নিমখ (কুইণ্টলত): ১২৯.৯১০০২১, সৰিয়হৰ তেল (লিটাৰত): ৯৬৪৬.০৮২১, গৰু খাদ্য - ঘেঁহুৰ চাপৰ (কুইণ্টলত): ৪০০১.৩১৫, আৰু গৰুৰ খাদ্য - ধানৰ মল (কুইণ্টলত): ৫৭১.৫০২ যোগান ধৰিছে ।
বানপানীৰ ফলত পথ, দলং, অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে । এই সন্দৰ্ভত চৰকাৰে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে। শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্রী শৰ্মাই কয় যে ৰাজ্যৰ বান পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে ৷ সাহায্য আৰু সুৰক্ষা ব্যৱস্থা তীব্ৰতৰ কৰা হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ