অসম এছ টি এফৰ অভিযানত পাক সন্ত্ৰাসবাদী সংগঠন এছ বি এনৰ তিনি গৰাকী সদস্য গ্ৰেপ্তাৰ
গুৱাহাটী, ২৫ জুলাই (হি.স.)। অসম আৰক্ষীৰ স্পেছিয়েল টাস্ক ফৰ্চ (এছ টি এফ)য়ে নিম্ন অসমৰ তিনি জিলাত অভিযান চলাই পাকিস্থানী সন্ত্ৰাসবাদী সংগঠন শ্বাহজাদ ভট্টী নেটৱৰ্ক (এছ বি এন)ৰ তিনি গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীৰ সূত্ৰে শনিবাৰে জানিবলৈ দি
असमः एसटीएफ द्वारा गिरफ्तार आतंकी संगठन एसबीएन के सदस्य बाएं से दायां अकरमुल इस्लाम, अबुल हुसैन और अमीनुर्रहमान


গুৱাহাটী, ২৫ জুলাই (হি.স.)। অসম আৰক্ষীৰ স্পেছিয়েল টাস্ক ফৰ্চ (এছ টি এফ)য়ে নিম্ন অসমৰ তিনি জিলাত অভিযান চলাই পাকিস্থানী সন্ত্ৰাসবাদী সংগঠন শ্বাহজাদ ভট্টী নেটৱৰ্ক (এছ বি এন)ৰ তিনি গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীৰ সূত্ৰে শনিবাৰে জানিবলৈ দিয়ে যে এছ টি এফে এছ টি এফ আৰক্ষী ষ্টেচনৰ গোচৰ নং ০৬/২০২৬ অনুসৰি ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ আৰক্ষীৰ সহায়ত ২৪ জুলাইত এটা যৌথ অভিযান চলায়। এই অভিযানকালত এছ বি এনৰ তিনি গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।

নিৰ্ভৰযোগ্য গোপন তথ্য অনুসৰি শ্বাহজাদ ভাট্টি নেটৱৰ্ক (এছ বি এন) হৈছে পাকিস্তানভিত্তিক এক সন্ত্ৰাসবাদী-অপৰাধমূলক নেটৱৰ্ক, যি ভাৰতৰ বিভিন্ন প্ৰান্তত সদস্য নিয়োগ, অনলাইন উগ্ৰপন্থাকৰণ, লক্ষ্যস্থলৰ ৰেকি, ভাৰতবিদ্বেষী প্ৰচাৰ, লজিষ্টিক সহায়, চোৰাংচোৱা কাৰ্যকলাপ, অবৈধ অস্ত্ৰ সংগ্ৰহ, স্লীপাৰ চেল গঠন আৰু অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সুবিধা প্ৰদানৰ সৈতে জড়িত থকাৰ অভিযোগ আছে।

তদন্ত আৰু গোচৰৰ অংশ হিচাপে লাভ কৰা চোৰাংচোৱাৰ তথ্য অনুসৰি, শ্বাহজাদ ভাট্টি নেটৱৰ্ক (এছ বি এন)-এ পাকিস্তানৰ ইণ্টাৰ-ছাৰ্ভিচেছ ইণ্টেলিজেন্স (আই এছ আই)-ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি, পাকিস্তানস্থিত ভাৰতবিৰোধী শক্তিসকলৰ নিৰ্দেশত এনক্ৰিপ্টেড (সংগোপনীয়) যোগাযোগ ব্যৱস্থাৰ জৰিয়তে নিজৰ কাৰ্যকলাপ পৰিচালনা কৰে বুলি অভিযোগ আছে।

তদন্তৰ ফলে এইটোও বুজা গৈছে যে এই নেটৱৰ্কে কেইবাটাও ফ্ৰণ্ট সংগঠনৰ মাধ্যমে কাম কৰে আৰু তেওঁলোকৰ সৈতে জড়িত। ইয়াত আছে খালিস্তান আর্মড ফৰ্চ (কেএএফ), পঞ্জাব সাভেৰণ্টি এলায়েন্স (পিএছএ), খালিস্তান লিবাৰেচন আৰ্মি (কেএলএ), শ্বেৰ-এ-পঞ্জাব ব্ৰিগেড (এছপি’বি), ইউনাইটেড শিখ ব্ৰাদাৰহুড (ইউএছবি), শিখ টাইগাৰ্ছ অৱ খালিস্তান (এছটিকে) আৰু তহৰীক-এ-তালিবান হিন্দুস্তান (টিটিএইচ)। অভিযোগ কৰা হৈছে যে এই সংস্থা সমূহ নেটৱৰ্কে নিজৰ অপাৰেচনেল ষ্ট্ৰাকচাৰ আৰু সীমা- পাৰৰ সম্পৰ্কবোৰ লুকোৱাৰ বাবে ব্যৱহাৰ কৰে। ২০২৬ চনৰ সময়ছোৱাত, টিটিএইচয়ে ২২ ফেব্ৰুৱাৰী আৰু ২৪ মে’ত পঞ্জাব আৰক্ষীৰ জোৱান দুটাৰ টাৰগেটেড হত্যাৰ দায়িত্ব লৈছিল। অসমত এই নেটৱৰ্কৰ কাৰ্যকলাপ প্ৰথমে ন’লবাৰী জিলাত এক তদন্তৰ সময়ত ওলাইছিল, যাৰ পাছত ২২ মে’ ২০২৬ তাৰিখে এজন সন্দেহভাজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযানৰ সময়তে এছটিএফে গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তৰ পৰিচয় হৈছে ক্ৰমে আক্ৰামুল ইছলাম (২৬, বেপাৰীপৰা, ধুবৰী); আমিনুৰ ৰহমান (২২, ধুপিৰী, পানবাৰী, চিৰাং) আৰু অব্দুল হুছেইন (৫৪, দবন্দিয়া, কালগাছিয়া, বৰপেটা)।

এই অভিযানত ৫ টা মোবাইল ফোন, ৭ টা চিম কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, ডেবিট কাৰ্ড আৰু অন্যান্য আপত্তিজনক নথি জব্দ কৰা হৈছে। এই সন্দৰ্ভত অধিক তদন্ত অব্য়াহত আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande