
গুৱাহাটী, ২৫ জুলাই (হি.স.)। ভুৱা জব ৰেকেটত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষী চি আই ডিয়ে। শনিবাৰে চি আই ডিয়ে প্ৰদান কৰা তথ্য অনুসৰি মণ্টু থেংগাল (২৫, বিহপুৰীয়া, লখিমপুৰ) আৰু আন কেইবাজনো অভিযোগকাৰীয়ে যোৱা ১৪ জুলাইত চি আই ডি থানাত ভুৱা চাকৰিৰ প্ৰস্তাৱ সন্দৰ্ভত এফ আই আৰ দাখিল কৰে।
এফআইআৰৰ মতে, ২০ জুলাইত শ্বিলঙত অনুষ্ঠিত হোৱা আছাম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়াত অভিযোগকাৰীসকলে অংশগ্ৰহণ কৰিছিল যদিও নিৰ্বাচিত হোৱা নাছিল । ইয়াৰ পিছতে মোড আনোৱাৰ হুছেইন (ললিপথাৰ, ধিং, জিলা নগাঁও)ৰ সৈতে যোগাযোগ কৰে। তেওঁ নিজকে অসম ৰাইফলছৰ মেজৰ বুলি পৰিচয় দি নিজৰ প্ৰভাৱ আৰু যোগাযোগৰ জৰিয়তে অনুকম্পা ভিত্তিত তেওঁলোকক অসম ৰাইফলছৰ চাকৰি নিশ্চিত কৰিব পাৰে বুলি দাবী কৰে।
অভিযোগ অনুসৰি অভিযুক্তই তেওঁলোকৰ নিৰ্বাচনৰ নিশ্চয়তা প্ৰদানৰ বাবে প্ৰতিজন প্ৰাৰ্থীৰ পৰা ৩.৫ লাখৰ পৰা ১০ হাজাৰ ₹ৰ ভিতৰত দাবী কৰিছিল। তেওঁলোকৰ আস্থা লাভ কৰিবলৈ তেওঁ লিখিত টোকা/চুক্তি (বিজেএন নং ০৩/১২২, বুক নং ১৮/২৫, তাৰিখ ২২.০৮.২০২৫) জাল কৰা বুলি অভিযোগ উঠিছে। তেওঁৰ কথাক বিশ্বাস কৰি অভিযোগকাৰীসকলে গুগল পে, বেংক ট্ৰেন্সফাৰ, আৰু নগদ ধনৰ জৰিয়তে বিভিন্ন তাৰিখত ৩.৫ লাখৰ পৰা ১০ লাখ টকালৈকে ধন আদায় দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ধন লাভ কৰাৰ পিছতো অভিযুক্তই প্ৰতিশ্ৰুতি দিয়া চাকৰিৰ ব্যৱস্থাও নকৰিলে আৰু ধন ঘূৰাই নিদিলে, যাৰ ফলত ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।
মৰিগাঁৱৰ মইৰাবাৰীৰ গোৰুখুটিৰ পৰা যোৱা ২৪ জুলাইত অসম চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত মোঃ আনোৱাৰ হুছেইনক। তেওঁক আদালতত হাজিৰ কৰা হ’ব আৰু আদালতৰ পৰা আৰক্ষীৰ জিম্মা বিচৰা হ’ব। বৃহৎ সংখ্যক যুৱক-যুৱতীক চাকৰি দিয়াৰ অজুহাতত প্ৰতাৰণা কৰাৰ সন্দেহ অভিযুক্তই। সম্ভৱতঃ এই ৰেকেটৰ সৈতে আন অভিযুক্তসকলো জড়িত, আৰু অধিক তদন্ত চলি আছে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ