ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত যুৱক
গুৱাহাটী, ২৫ জুলাই (হি.স.)। মহানগৰীৰ বেহাৰবাৰিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন বাইক আৰোহী যুৱক। স্থানীয় লোকৰ মতে এখন হোটেলৰ এ এছ ০১ এছ চি ৪১৭৩ নম্বৰৰ এখন চাৰিচকীয়া বাহনে পিছফালৰ পৰা খুন্দামাৰে এ এছ ০
ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত যুৱক


গুৱাহাটী, ২৫ জুলাই (হি.স.)। মহানগৰীৰ বেহাৰবাৰিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন বাইক আৰোহী যুৱক।

স্থানীয় লোকৰ মতে এখন হোটেলৰ এ এছ ০১ এছ চি ৪১৭৩ নম্বৰৰ এখন চাৰিচকীয়া বাহনে পিছফালৰ পৰা খুন্দামাৰে এ এছ ০১ ডি ই ৮৯৭১ নম্বৰৰ এখন বাইকত। ফলত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়।

স্থানীয় লোকে এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰি লগে লগে লউৰি আহে আৰু সংকটজনক অৱস্থাত বাইক আৰোহী লোক গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জালুকবাৰী দিশৰ পৰা খানাপাৰা অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। ইফালে বাতৰি লিখাৰ পৰলৈ যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

সম্প্ৰতি জি এম চি এইছত জীৱন মৃত্যুৰে যুঁজিছে যুৱকজনে। পিছত বশিষ্ঠ যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande