গোৱালপাৰা জিলাৰ ধনুভাঙাত নিশা ভয়ংকৰ বাইক দুৰ্ঘটনাত নিহত যুৱক
গোৱালপাৰা, ২৫ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ ধনুভাঙাত নিশা সংঘটিত হয় এক ভয়ংকৰ বাইক দুৰ্ঘটনা। এই ঘটনাত নিহত হয় এজন যুৱক ৷ জানিব পৰামতে, ধনুভাঙাৰ মাদাং গাঁৱত তীব্ৰ বেগত গছত খন্দিয়াই থিতাতে নিহত জিতুল ৰাভা (১৮) নামৰ এজন যুৱক ৷ তীব্ৰ বেগৰ বাবে নিয়ন্ত
গোৱালপাৰা জিলাৰ ধনুভাঙাত নিশা ভয়ংকৰ বাইক দুৰ্ঘটনাত নিহত যুৱক


গোৱালপাৰা, ২৫ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ ধনুভাঙাত নিশা সংঘটিত হয় এক ভয়ংকৰ বাইক দুৰ্ঘটনা। এই ঘটনাত নিহত হয় এজন যুৱক ৷

জানিব পৰামতে, ধনুভাঙাৰ মাদাং গাঁৱত তীব্ৰ বেগত গছত খন্দিয়াই থিতাতে নিহত জিতুল ৰাভা (১৮) নামৰ এজন যুৱক ৷ তীব্ৰ বেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খন্দিওৱাৰ ফলত থিতাতে নিহত হয় যুৱকজন ৷ নিহত যুৱকজনৰ ঘৰ ধূপধৰা থানাৰ অন্তৰ্গত “গনেশজুলিত” বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, তীব্ৰ বেগত বাইকখনেৰে গছত খন্দিয়াই নিহত যুৱকজন গছত ওলমি ৰোৱাৰ লগতে বাইকখন পথাৰত চিটিকি পৰে ৷

ধূপধৰা আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক উদ্ধাৰ কৰি প্ৰথমে বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ধূপধৰা থানালৈ লৈ আনে ৷

উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত বাইকখন নম্বৰপ্লেট বিহীন আছিল ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande