‘কিং’ৰ শ্বুটিঙৰ পৰা বিৰতি লৈ ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে অভিষেক বচ্চন
অভিনেতা অভিষেক বচ্চনে সম্প্ৰতি তেওঁৰ আগন্তুক ছবি ‘কিং’ৰ শ্বুটিংৰ পৰা বিৰতি লৈছে। ইফালে তেওঁৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে ৰাজহুৱা স্থানত দেখা গ’ল। দুয়োৰে সৈতে এজন অনুৰাগীয়ে চেলফি তুলিছিল, আৰু এই ফটোখন দ্ৰুতগতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছ
ऐश्वर्या राय, अभिषेक बच्चन - फोटो सोर्स एक्स


অভিনেতা অভিষেক বচ্চনে সম্প্ৰতি তেওঁৰ আগন্তুক ছবি ‘কিং’ৰ শ্বুটিংৰ পৰা বিৰতি লৈছে। ইফালে তেওঁৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে ৰাজহুৱা স্থানত দেখা গ’ল।

দুয়োৰে সৈতে এজন অনুৰাগীয়ে চেলফি তুলিছিল, আৰু এই ফটোখন দ্ৰুতগতিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত অভিষেকক কেজুৱেল টি-চাৰ্ট আৰু কেপ পিন্ধি দেখা গৈছে, আনহাতে ঐশ্বৰ্যক দেখা গৈছে ক’লা সাজ-পোছাকত।

অহা বছৰ অভিষেক আৰু ঐশ্বৰ্যৰ বিবাহৰ ২০ বছৰ সম্পূৰ্ণ হ’ব। এখন ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত তেওঁলোকৰ লগ হৈছিল আৰু ২০০৭ চনত বিবাহপাশত আবদ্ধ হয়।শেহতীয়া এক সাক্ষাৎকাৰত অভিষেকে ঐশ্বৰ্যক প্ৰশংসা কৰি কয় যে তেওঁ তেওঁলোকৰ কন্যা আৰাধ্যাৰ মাজত উৎকৃষ্ট মূল্যবোধৰ বীজ সিঁচিছে আৰু পাৰিবাৰিক দায়িত্বও ভালদৰে পালন কৰিছে।

ৱৰ্ক ফ্ৰণ্টত অতি সোনকালে অভিষেক বচ্চনক দেখা যাব ‘কিং’ ছবিত। বহু প্ৰত্যাশিত এই ছবিখনৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু এই বৰদিনত ছবিগৃহত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande