
ৱাশ্বিংটন, ২৫ জুলাই (হি.স.)। ইউৰোপীয় সংঘ (ইইউ)ই গুগলত প্ৰায় ১ বিলিয়ন ডলাৰ (৮৩.৫ হাজাৰ কোটি ₹) এণ্টি ট্ৰাষ্ট জৰিমনা বিহাৰ পিছত আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ মাজত বাণিজ্যিক উত্তেজনা পুনৰ বৃদ্ধি পাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউৰোপীয় ইউনিয়নৰ বিৰুদ্ধে ৩০১ ধাৰা বাণিজ্যিক তদন্ত আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আমেৰিকাৰ কোম্পানীসমূহৰ প্ৰতি এই কাৰ্যক “অন্যায় ব্যৱহাৰ” বুলি অভিহিত কৰিছে। ট্ৰাম্পে সকীয়াই দিয়ে যে যদিহে তদন্তত এই অভিযোগ সত্য বুলি ধৰা পৰে তেন্তে ইউৰোপীয় ইউনিয়নৰ ওপৰত নতুন আৰু গধুৰ শুল্ক আৰোপ কৰিব পাৰে ।
ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় বাতৰি টেলিভিছন নেটৱৰ্ক ৰাছিয়া টুডে (আৰ টি)ৰ মতে, ইউৰোপীয় আয়োগে গুগলত ৮৯ কোটি ইউৰো (প্ৰায় ৯৭.৮৪ হাজাৰ কোটি ইউৰো) এণ্টি ট্ৰাষ্ট জৰিমনা বিহাৰ পিছত এই ঘোষণা কৰা হৈছে। আয়োগে কয় যে গুগলে নিজৰ চাৰ্চ ৰিজাল্টত প্ৰতিযোগী সেৱাতকৈ নিজৰ সেৱাক অন্যায়ভাৱে সুবিধা প্ৰদান কৰিছে।
তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে কয় যে গুগলত ১ বিলিয়ন ডলাৰ, এপলৰ ১৫ বিলিয়ন ডলাৰ, মেটাত ৩ বিলিয়ন ডলাৰ, আমাজনত ২.৫ বিলিয়ন ডলাৰকে ধৰি কেইবাটাও আমেৰিকান কোম্পানীত আৰোপ কৰা জৰিমনা আমেৰিকাই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। তদন্তৰ ফলাফলৰ ভিত্তিত ইউৰোপীয় ইউনিয়নৰ ওপৰত অতি সোনকালে গধুৰ শুল্ক আৰোপ কৰিব পৰা যাব বুলি তেওঁ সকীয়াই দিয়ে।
ট্ৰাম্পে দাবী কৰে যে গুগলত মুঠ জৰিমনা ১৮ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। কিন্তু উপলব্ধ ৰাজহুৱা অভিলেখ অনুসৰি বিগত দশকত ইউৰোপীয় আয়োগে গুগলৰ ওপৰত আৰোপ কৰা মুঠ জৰিমনা ইয়াতকৈ কম, আৰু ট্ৰাম্পৰ পৰিসংখ্যাক লৈ বিতৰ্কিত হৈ পৰিছে।
চলিত মাহৰ আৰম্ভণিতে ইউৰোপীয় সংঘই ইয়াৰ পূৰ্বে ৪.৬ বিলিয়ন ইউৰো (প্ৰায় ৫০,৫৭১ কোটি ইউৰো) এণ্টিট্ৰাষ্ট জৰিমনা বিহাৰ বিৰুদ্ধেও আইনী যুঁজত পৰাস্ত হৈছিল। এই গোচৰটো এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত গুগল চাৰ্চ আৰু ক্ৰ’মৰ প্ৰি-ইনষ্টলেচনৰ সৈতে জড়িত।
মন কৰিবলগীয়া যে ৩০১ নং ধাৰাত তদন্ত হৈছে আমেৰিকা চৰকাৰৰ এক প্ৰক্ৰিয়া যিয়ে নিৰ্ণয় কৰে যে কোনো বিদেশী দেশৰ বাণিজ্য নীতি অন্যায় নে আমেৰিকাৰ কোম্পানীসমূহৰ বিৰুদ্ধে বৈষম্যমূলক। যদিহে এনে অভিযোগ সঁচা বুলি ধৰা পৰে তেন্তে আমেৰিকাই সংশ্লিষ্ট দেশখনৰ ওপৰত অতিৰিক্ত শুল্ক বা অন্যান্য বাণিজ্যিক বাধা আৰোপ কৰিব পাৰে।
ইফালে, আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ অধীনস্থ সচিব জেকব হেলবাৰ্গেও ইউৰোপীয় ইউনিয়নক সমালোচনা কৰি কয় যে গুগলৰ ওপৰত আৰোপ কৰা জৰিমনাই ইউৰোপীয় ইউনিয়নৰ বহু সদস্য ৰাষ্ট্ৰৰ বাজেট অৱদানতকৈ অধিক। তেওঁ কয় যে আমেৰিকাই এতিয়া নিজৰ কোম্পানীসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ ল’ব লাগিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া