খোৱাং সমষ্টিত বুঢ়ীদিহিং নদীৰ বানপানী আৰু গৰাখহনীয়াই খতিগ্ৰস্থ কৰা অঞ্চল পৰিদৰ্শন লুৰীণজ্যোতিৰ
ডিব্ৰুগড়,২৫ জুলাই(হি.স.)। খোৱাং সমষ্টিৰ কোটোহা পঞ্চায়তৰ অন্তৰ্গত ভগামূৰ তিনিআলি অঞ্চলত বুঢ়ীদিহিং নদীৰ বানপানী আৰু গৰাখহনীয়াই স্থানীয় ৰাইজক সৰ্বশ্ৰান্ত কৰি তুলিছে। এই পৰিস্থিতিৰ বুজ ল''বলৈ অঞ্চলটো পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যো
খোৱাং সমষ্টিত বুঢ়ীদিহিং নদীৰ বানপানী আৰু গৰাখহনীয়াই খতিগ্ৰস্থ কৰা অঞ্চল পৰিদৰ্শন লুৰীণজ্যোতিৰ


ডিব্ৰুগড়,২৫ জুলাই(হি.স.)। খোৱাং সমষ্টিৰ কোটোহা পঞ্চায়তৰ অন্তৰ্গত ভগামূৰ তিনিআলি অঞ্চলত বুঢ়ীদিহিং নদীৰ বানপানী আৰু গৰাখহনীয়াই স্থানীয় ৰাইজক সৰ্বশ্ৰান্ত কৰি তুলিছে। এই পৰিস্থিতিৰ বুজ ল'বলৈ অঞ্চলটো পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

পৰিদৰ্শনৰ সময়ত স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ লগতে অঞ্চলটোক বান-গৰাখহনীয়াৰ কবলৰ পৰা স্থায়ীভাৱে সুৰক্ষিত কৰিবলৈ শীঘ্ৰে ৰিং বান্ধৰ কাম সম্পূৰ্ণ কৰা আৰু জিঅ' বেগৰ জৰিয়তে মথাউৰি সুৰক্ষিত কৰাৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগক আহ্বান জনায় গগৈয়ে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande