
গোলাঘাট, ২৫ জুলাই (হি.স.)। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা জেইলৰ কইডি ৰখা কক্ষৰ পৰা পলায়ন কৰিলে নজিবুৰ ৰহমান,ৰূপম কলিতা,আৰু অজয় গোৱালা নামৰ তিনিটা হাজোতি।
ইয়াৰে নজিবুৰ ৰহমান নামৰ হাজোতিটো আছিল গোলাঘাট ত্ৰিপল মাৰ্ডাৰৰ মুল অভিযুক্ত।তিনিওজন শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন আছিল।আজি পূৱা ৫ বজাৰ পিছত দায়িত্বত থকা আৰক্ষী টুপনি যোৱাৰ পাছতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। বৰ্তমান পলুৱা তিনিটা হাজোতিৰ সন্ধানত মাৰাথান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ