
দক্ষিণ শালমাৰা, ২৫ জুলাই (হি.স.)। দক্ষিণ শালমাৰ মানকাচাৰ জিলাৰ মানকাচৰৰ বৰাইকান্দিত ভয়ংকৰ অগ্নিকাণ্ড, ৬খন ঘৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত বৰাইকান্দি গাঁৱত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ১ বজাত লাল মিঞা নামৰ এজন লোকৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
মুহূৰ্ততে জুইৰ লেলিহান শিখাই লাল মিঞাৰ মুঠ ৬খন ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত কৰে।
অগ্নিকাণ্ডৰ খবৰ পাই মানকাচৰ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ'ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোত লাল মিঞাৰ ঘৰত থকা সকলো মূল্যৱান সামগ্ৰী, আসবাব-পত্ৰ, লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়।
অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোয়ে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে। ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা