
শিৱসাগৰ, ২৫ জুলাই (হি.স.)। শিৱসাগৰত প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে জনালে মৃতকৰ তথ্য। বানত উদ্ধাৰ হোৱা ২৩ জন মৃতকৰ ইতিমধ্যে মৰোনোত্তৰ পৰীক্ষা সম্পাদন কৰা হৈছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিগত ২২ জুলাই তাৰিখৰ পৰা মৰোনোত্তৰ পৰীক্ষাৰ কাম চলি আছে।
বিগত ২২ জুলাইৰ দিনটোত ৯ জন,২৩ জুলাই ৰ দিনটোত ৮ জন আৰু ২৪ জুলাইৰ দিনটোত জন লোকৰ মৰনোত্তৰ পৰীক্ষা সম্পাদন হয়। ইয়াৰে ১৯ জনৰ মৃতদেহ পৰিয়ালৰ লোকে চমজি লোৱাৰ লগতে আন চাৰিজনৰ মৃতদেহ চিকিৎসালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ সৎকাৰ কৰিছে। মৃতকৰ সৎকাৰৰ খৰচ সম্পূৰ্ণ জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বহন কৰিব।
আনহাতে শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিমাইজানত পুনৰ আন এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে। ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ