দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি, সৰুপথাৰ সমজিলা প্ৰশাসনৰ প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ
গোলাঘাট, ২৪ জুলাই (হি.স.)। ইতিমধ্যে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪খনকৈ ৰেডিয়েল গেট মুকলি কৰাৰ পাছতেই লাহে লাহে বৃদ্ধি পাইছে দৈয়াং নদীৰ জলস্তৰ । প্ৰতিখন গেটৰ ১ মিটাৰকৈ পানী খুলি দিয়া হৈছে। মুকলি কৰি দিয়া ৰেডিয়েল গেটেৰে প্ৰতিমিনিটত ১কোটি ১১ লাখ লিটাৰতক
দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি, সৰুপথাৰ সমজিলা প্ৰশাসনৰ প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ


গোলাঘাট, ২৪ জুলাই (হি.স.)। ইতিমধ্যে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪খনকৈ ৰেডিয়েল গেট মুকলি কৰাৰ পাছতেই লাহে লাহে বৃদ্ধি পাইছে দৈয়াং নদীৰ জলস্তৰ ।

প্ৰতিখন গেটৰ ১ মিটাৰকৈ পানী খুলি দিয়া হৈছে। মুকলি কৰি দিয়া ৰেডিয়েল গেটেৰে প্ৰতিমিনিটত ১কোটি ১১ লাখ লিটাৰতকৈও অধিক পানী এৰি দিয়া হৈছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ ৰেডিয়েল গেটেৰে এৰি দিয়া এই প্ৰৱল পানীয়ে গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তত প্ৰৱল প্লাৱনৰ সৃষ্টি কৰাৰ আশংকা হৈছে।

সৰুপথাৰৰ দৈয়াং পাৰৰ বিভিন্ন এলেকাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সৰুপথাৰ সমজিলা প্ৰশাসনে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷

প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দলে সম্ভাৱ্য বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে। সমজিলা প্ৰশাসনে ইতিমধ্যে বানাক্ৰান্তক উদ্ধাৰৰ বাবে দুখন ৰাবাৰ নাও, এচডিআৰএফ আৰু চিভিল ডিফেঞ্চ টিমৰ একোটাকৈ দল সাজু কৰি ৰখাৰ লগতে স্থানীয় গাওঁ প্ৰধান সকলকো উদ্ধাৰ কাৰ্য আৰু সতৰ্কতামূলক ব্যৱস্থাৰ বাবে সাজু কৰি ৰখা বুলি জানিবলৈ দিছে।

ইপিনে প্ৰয়োজন সাপেক্ষে প্ৰাথমিক পৰ্যায়ত সৰুপথাৰত ১৬টাকৈ স্থানত বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰ স্থাপনৰ ব্যৱস্থাৰ লগতে পশু ধনৰ বাবে কেইবাটাও ওখ স্থান চিনাক্ত কৰি ৰখাৰ কথা জানিবলৈ দিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু সমজিলা আয়ুক্তই ।

নেপক' ৰ এৰি দিয়া পানীয়ে সৰুপথাৰ সমজিলাৰ অসম-নগালেণ্ড সীমান্তৰ বহুকেইখন গাঁৱৰ লগতে বৰবালি, বৰডুবি, বচাপথাৰ, আমগুৰি, হাতীঘুলি, হেৰহেৰি, চুৰাতনি, নাহৰখনা আদি বহু কেইখন গাঁৱত বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্থ কৰাৰ আশংকা আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande