
কাছাৰ, ২৪ জুলাই (হি.স.)। কাছাৰ আৰক্ষীয়ে অৰ্জন কৰিলে আন এক বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত নিশা ১২০ কাৰ্টন বিদেশী সুৰা জব্দ কৰা হয়, যাৰ বজাৰ মূল্য ১৪ লাখ ২০ হাজাৰ টকাৰো অধিক বুলি অনুমান কৰা হৈছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, কাছাৰ আৰক্ষীয়ে মালিদাহৰ টোলগেটৰ সংলগ্ন অস্থায়ী আৰক্ষী চেক গেটত মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা এখন ল’ৰীত তালাচী চলাই এই বিপুল পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। চুবুৰীয়া হাইলাকান্দি জিলাৰ নাজিম উদ্দিন আৰু আফজল হুছেইন নামৰ দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ