
নিউয়ৰ্ক, ২৪ জুলাই (হি.স.)। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে পশ্চিম এছিয়াৰ দ্ৰুতগতিত অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে সমগ্ৰ অঞ্চলটোৱে এনে এটা পৰ্যায় পাইছেগৈ য’ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন লাগে। তেওঁ সকলো পক্ষকে শীঘ্ৰে উত্তেজনা হ্ৰাস কৰি কূটনৈতিক সমাধানৰ দিশত পদক্ষেপ ল’বলৈ আহ্বান জনায়।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ভাষণ দি গুটেৰেছে কয় যে মধ্যপ্ৰাচ্যৰ সংকটে “অকল্পনীয় পৰিস্থিতি”ৰ দিশে আগবাঢ়িছে। তেওঁৰ মতে, অঞ্চলটো অহৰহ ব্য়াপক সংঘাতৰ মাজলৈ টানি অনা হৈছে, এটা সংকটে আন এটা সংকটে ইন্ধন যোগাইছে আৰু প্ৰতিটো নতুন সামৰিক পদক্ষেপে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ মাজতে ৰাজনৈতিক সমাধান পিছ পৰি ৰৈছে বুলিও তেওঁ কয়।
এই বক্তব্য এনে সময়ত প্ৰকাশ কৰিছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইংগিত দিছে যে তেওঁৰ প্ৰশাসনে ইৰাণৰ বিৰুদ্ধে বৃহৎ সামৰিক অভিযানৰ কথা চিন্তা কৰিছে। এই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল’ব পাৰে বুলি ট্ৰাম্পে কয়। অৱশ্যে এতিয়াও কোনো আনুষ্ঠানিক সামৰিক ব্যৱস্থাৰ কথা আমেৰিকা প্ৰশাসনে ঘোষণা কৰা নাই।
অঞ্চলটোত উত্তেজনা বৃদ্ধিৰ সম্ভাৱনাৰ আশংকাৰ মাজতে ব্ৰিটেইনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইৰাণৰ পৰা নিজৰ কিছুমান কূটনৈতিক কৰ্মচাৰীক সাময়িকভাৱে প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। জাৰ্মানীয়েও লোহিত সাগৰৰ পৰা নৌসেনাৰ দুখন জাহাজ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।
ইফালে ইজৰাইলৰ কেইবাখনো চহৰত বোমা আশ্ৰয় শিবিৰ (বাংকাৰ) মুকলি কৰাৰ বিপৰীতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এই অঞ্চলত বাস কৰা আমেৰিকাৰ নাগৰিকসকলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে। নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটিলে বিমান যাত্ৰাত প্ৰভাৱ পৰিব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে।
ৰাষ্ট্ৰসংঘই পুনৰবাৰ সকলো সংশ্লিষ্ট পক্ষক সংযম প্ৰয়োগ কৰি আলোচনাৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছে, যাতে অঞ্চলটোত ব্যাপক সংঘাতৰ সম্ভাৱনা ৰোধ কৰিব পৰা যায়।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ