
শোণিতপুৰ ,২৪ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে সুখবৰ কঢ়িয়াই শোণিতপুৰ জিলা প্ৰশাসনে। জিলাখনৰ চৰকাৰী কাম -কাজত যিকোনো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি এক ৰাজহুৱা জাননী জাৰি কৰা ঘটনাই সচেতন ৰাইজক আশ্বস্ত কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে জিলা আয়ুক্ত গৰাকীয়ে জাৰি কৰা ৰাজহুৱা জাননীত আয়ুক্ত কাৰ্য্যালয় তথা ইয়াৰ অধীনৰ আন সকলো চৰকাৰী কাৰ্য্যালয়ত ৰাইজৰ সেৱাত বিভিন্ন চৰকাৰী কাম-কাজ সুচাৰুৰূপে তথা যথা সময়ত সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন সম্পুৰ্ণৰুপে দায়বব্ধ বুলি উল্লেখ কৰি কোনো আবেদনকাৰীয়ে এইক্ষেত্ৰত স্ংশ্লিষ্ট বিষয়া-কৰ্মচাৰী অথবা কোনো মধ্যভোগীৰ দ্বাৰা কোনো ধৰণৰ হাৰাশাস্তি অথবা দুৰ্নীতিৰ সন্মুখীন হ'লে উল্লেখ কৰা নম্বৰত যোগাযোগ কৰি অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে ।
আবেদন কৰা কামৰ বিপৰীতে কোনো বিষয়া -কৰ্মচাৰী অথবা মধ্যভোগীয়ে উৎকোচ বিচাৰিলে কোনো স্ংকোচ নকৰাকৈ উল্লিখিত নম্বৰৰ যোগেদি পোনপটীয়াকৈ ফোন বা হোৱাটচএপ বাৰ্তা বা ছ'চিয়েল মিডিয়া হেণ্ডেলত টেগ কৰি জিলা আয়ুক্তক অৱগত কৰিবলৈও আহ্বান জনাইছে । অভিযোগ দাখিল কৰা ব্যক্তিৰ নাম ঠিকনা সবিশেষ গোপনে ৰখা হ'ব বুলি উল্লেখ কৰি জাননী খনত কোনো মধ্যভোগীৰ উপস্থিতি অথবা কাৰ্য্যপন্থাৰ উমান পালে তেনে ব্যক্তিৰ তথ্য জিলা আয়ুক্তক শীঘ্ৰে অৱগত কৰিবলৈ আহ্বান জনাইছে ।
দুৰ্নীতিক প্ৰশ্ৰয় দিয়া যিকোনো ব্যক্তি /কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰু শূণ্য সহনশীলতাৰে এক নিকা আৰু স্বচ্ছ প্ৰশাসন গঢ়াৰ ক্ষেত্ৰত সচেতনতা আৰু সক্ৰিয় সহযোগিতা আমাৰ কাম্য বুলি জাননী খনত স্পষ্টকৈ উল্লেখ কৰিছে । আনহাতে শোণিতপুৰ জিলা প্ৰশাসনে সকলো চৰকাৰী কাৰ্যালয়ত স্বচ্ছ, নাগৰিককেন্দ্ৰিক আৰু দুৰ্নীতিমুক্ত সেৱা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি যদি কোনো বিষয়া-কৰ্মচাৰী বা মধ্যস্থতাকাৰীয়ে উৎকোচ বিচাৰে, অযথা বিলম্ব বা হাৰাশাস্তি কৰে, অথবা চৰকাৰী সেৱা লাভত অসুবিধাৰ সৃষ্টি কৰে তেতিয়া তাৎক্ষণিকভাৱে অভিযোগ জনাবলৈ আহ্বান জনাইছে ।
অভিযোগ সহায়ক নম্বৰ সমূহ হ'ল কাৰ্যালয়ৰ কৰ্মদিনত পুৱা ১০:০০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈ: ০৩৭১২-২২০০১১, সন্ধিয়া ৬:০০ বজাৰ পৰা নিশা ১০:০০ বজালৈ: ০৩৭১২-২২০০০৫।আনহাতে
কাৰ্যালয় বন্ধ দিনত পুৱা ১০:০০ বজাৰ পৰা নিশা ১০:০০ বজালৈ: ০৩৭১২-২২০০০৫,ৱাটচৱেব নম্বৰ হ'ল-৯৪৩৫১২৭৩০১ আৰু
X (Twitter)
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ