
হোজাই, ২৪ জুলাই (হি.স.)। হোজাইৰ আমতলাৰ পৰা নিৰুদ্দেশ দুগৰাকী নাবালিকা। চাঞ্চল্যকৰ ভাৱে বৃহস্পতিবাৰে বিয়লি ভাগৰ পৰা কম্পিউটাৰ ক্লাছলৈ বুলি ওলাই গৈ নিৰুদ্দেশ দুই কিশোৰী। আমতলাৰ পৰা নিৰুদ্দেশ হোৱা দুই নাবালিকা কিশোৰী অম্বিকা আৰু অনিমাক বে গাঁওৰ এগৰাকী যুৱতী খাদিজা বেগমে ফুচুলাই লৈ যোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
কিয়নো দুয়ো গৰাকীৰ সৈতে বৰ্তমানে নিৰুদ্দেশ হৈ আছে খাদিজা ৱেগম নামৰ যুৱতী গৰাকী। ইতিমধ্যে ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ লগতে আৰক্ষী অধীক্ষককো অভিযোগ দাখিল কৰিছে পৰিয়ালৰ লোকে। হোজাই আৰক্ষীৰ লগতে আৰক্ষী অধীক্ষকেও আশ্বাস প্ৰদান কৰিছে অতি শীঘ্ৰে কিশোৰী দুগৰাকীক বিচাৰি উলিওৱাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ