আৰ্জেণ্টিনাৰ প্ৰবীণ ডিফেণ্ডাৰ নিকোলাছ অটামেণ্ডিৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায়
বুয়েনছ আয়াৰ্ছ, ২৪ জুলাই (হি.স.)। আৰ্জেণ্টিনাৰ প্ৰবীণ ডিফেণ্ডাৰ নিকোলাছ অটামেণ্ডিয়ে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে ৩৮ বছৰীয়া খেলুৱৈগৰাকীৰ ১৭ বছৰীয়া বিখ্যাত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পৰিল, এই
अर्जेंटीना के अनुभवी डिफेंडर निकोलस ओटामेंडी ने इंस्टाग्राम पर संन्यास की घोषणा की


বুয়েনছ আয়াৰ্ছ, ২৪ জুলাই (হি.স.)। আৰ্জেণ্টিনাৰ প্ৰবীণ ডিফেণ্ডাৰ নিকোলাছ অটামেণ্ডিয়ে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে ৩৮ বছৰীয়া খেলুৱৈগৰাকীৰ ১৭ বছৰীয়া বিখ্যাত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পৰিল, এই সময়ছোৱাত তেওঁ আৰ্জেণ্টিনাৰ ২০২২ চনৰ ফিফা বিশ্বকাপ আৰু দুটা কোপা আমেৰিকা খিতাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অটামেণ্ডিয়ে আৰ্জেণ্টিনাৰ হৈ ১৩৯খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল আৰু চাৰিখন ফিফা বিশ্বকাপত দেশখনক প্ৰতিনিধিত্ব কৰিছিল। শেহতীয়াকৈ আমেৰিকাত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২৬ত ৰানাৰ্ছ আপ স্থান দখল কৰা আৰ্জেণ্টিনা দলৰ অংশও আছিল তেওঁ। ফাইনেলত অতিৰিক্ত সময়ত স্পেইনৰ হাতত ১-০ গ’লত পৰাস্ত হয় আৰ্জেণ্টিনা।

অৱসৰৰ কথা ঘোষণা কৰি ওটামেণ্ডিয়ে ইনষ্টাগ্ৰামত এটা আৱেগিক বাৰ্তা শ্বেয়াৰ কৰে। তেওঁ লিখিছে, আজি মই মোৰ কেৰিয়াৰৰ আটাইতকৈ কঠিন শব্দ লিখিব লাগিব। ভাগ্যৰ মতে মোৰ শেষৰখন মেচ আছিল বিশ্বকাপৰ ফাইনেল। ফলাফল আমি আশা কৰা ধৰণে নাছিল, কিন্তু মই গৌৰৱেৰে গুচি যাওঁ কাৰণ এই দলটোৱে শেষ চেকেণ্ডলৈকে নিজৰ শ্ৰেষ্ঠখিনি দিলে। আৰ্জেণ্টিনা, মোক বিশ্ব চেম্পিয়ন হোৱাৰ সপোন পূৰণ কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ।

ইউৰোপত ১৬ বছৰীয়া সফল কেৰিয়াৰ সমাপ্ত কৰাৰ পিছত শেহতীয়াকৈ অটামেণ্ডিয়ে আৰ্জেণ্টিনাৰ দৈত্য ৰিভাৰ প্লেটত যোগদান কৰাৰ সিদ্ধান্ত লয়। ইউৰোপত তেওঁ পৰ্টো, ভেলেন্সিয়া, মানচেষ্টাৰ চিটি, বেনফিকা আদি ডাঙৰ ডাঙৰ ক্লাবক প্ৰতিনিধিত্ব কৰি বহুতো স্মৰণীয় সফলতা লাভ কৰে।

শক্তিশালী ডিফেন্সিভ খেল, নেতৃত্বৰ দক্ষতা আৰু যুঁজাৰু শৈলীৰ বাবে পৰিচিত অটামেণ্ডিক আৰ্জেণ্টিনাৰ ফুটবলৰ অন্যতম সফল ডিফেণ্ডাৰ হিচাপে গণ্য কৰা হয়। তেওঁৰ অৱসৰৰ লগে লগে আৰ্জেণ্টিনাৰ ফুটবলৰ এক সোণালী অধ্যায়ৰ অন্ত পৰিল।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande