উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ২৪ জুলাই (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কটলেণ্ডৰ গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছ ২০২৬ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সদস্যসকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে টুইটাৰত
कॉमनवेल्थ गेम्स 2026 के आगाज की एक झलक।


নতুন দিল্লী, ২৪ জুলাই (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কটলেণ্ডৰ গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছ ২০২৬ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সদস্যসকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে টুইটাৰত লিখিছে, কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ প্ৰতিজন সদস্যলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আশা কৰিছো যে আমাৰ খেলুৱৈসকলে দেশখনলৈ সন্মান কঢ়িয়াই অনাৰ প্ৰচেষ্টাত অটল দৃঢ়তা, উৎকৃষ্ট দক্ষতা, আৰু প্ৰকৃত ক্ৰীড়াবিদ্যা প্ৰদৰ্শন কৰিব। মই তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানতে বহুত সফলতা কামনা কৰিছো।

প্ৰধানমন্ত্ৰী মোদীয়ে গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে আমাৰ খেলুৱৈসকলে এই গেমছত উৎসাহ, দৃঢ়তা, আৰু উৎকৃষ্টতাৰ মনোভাৱেৰে অংশগ্ৰহণ কৰিব। আমাৰ খেলুৱৈসকলৰ দক্ষতা আৰু নিষ্ঠাই সদায় অগণন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।

মন কৰিবলগীয়া যে বৃহস্পতিবাৰে নিশা গ্লাছগোত আৰম্ভ হয় কমনৱেলথ গেমছ। এই প্ৰতিযোগিতা ২৩ জুলাইৰ পৰা ২ আগষ্টলৈকে চলিব। ৭৪খন কমনৱেলথ গেমছ এছ’চিয়েশ্যনৰ হাজাৰ হাজাৰ খেলুৱৈয়ে পদকৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande