গোৱালপাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু
গোৱালপাৰা, ২৪ জুলাই (হি.স.)। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়। আজি পুৱতি নিশা গোৱালপাৰা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নৰনাৰায়ণ সেতুত আৰক্ষী তালাচী চকীত চাৰিটা গৰু সহ এখন বলেৰো বাহন জব্দ কৰিব সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয
গোৱালপাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু


গোৱালপাৰা, ২৪ জুলাই (হি.স.)। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়। আজি পুৱতি নিশা গোৱালপাৰা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নৰনাৰায়ণ সেতুত আৰক্ষী তালাচী চকীত চাৰিটা গৰু সহ এখন বলেৰো বাহন জব্দ কৰিব সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকা অৱস্থাত বাহন এৰি পলায়ন কৰে বাহন খনৰ চালক আৰু চোৰাং গৰুৰ ব্যৱসায় গৰাকী।

বলেৰো বাহন খনৰ ভিতৰত গৰু চাৰিটাক ঠেং,মুখ বান্ধি অতি নিষ্ঠুৰ ভাবে কঢ়িয়াই অনা হৈছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande