তেজপুৰৰ পুৰাতন স্থাপত্য-ভাস্কৰ্য্য সমূহ বিজ্ঞানসন্মতভাবে সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ তৎপৰতা
–কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতাত্বিক বিভাগৰ বিষয়াৰ সংশ্লিষ্ট বিষয়া -কৰ্মচাৰীক লগত লৈ ঐতিহাসিক হৰ্জৰ বৰ্মণৰ শিলালিপিৰ স্থান পৰ্যবেক্ষণ –বিশিষ্ট বুৰঞ্জীবিদ ,অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কনক চন্দ্ৰ শৰ্মাৰ সন্তোষ প্ৰকাশ –জিলা প্ৰশাসনৰ সৈতে সম্পূৰ্ণ স
জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে


–কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতাত্বিক বিভাগৰ বিষয়াৰ সংশ্লিষ্ট বিষয়া -কৰ্মচাৰীক লগত লৈ ঐতিহাসিক হৰ্জৰ বৰ্মণৰ শিলালিপিৰ স্থান পৰ্যবেক্ষণ

–বিশিষ্ট বুৰঞ্জীবিদ ,অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কনক চন্দ্ৰ শৰ্মাৰ সন্তোষ প্ৰকাশ

–জিলা প্ৰশাসনৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কনক চন্দ্ৰ শৰ্মা আৰু বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ

–অগ্নিগড়ৰ নিৰ্মীয়মান লিফ্ট সুবিধাৰ অগ্ৰগতিৰো পৰ্যবেক্ষণ

শোণিতপুৰ, ২৪ জুলাই (হি.স.)। তেজপুৰৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা পুৰাতন স্থাপত্য-ভাস্কৰ্য্য সমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু সংবৰ্ধনৰ লগতে তেজপুৰৰ পৰ্যটনস্থলী সমূহ আৰু অধিক সৌন্দৰ্য্যশালী কৰাৰ ব্য়ৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে বিশেষকৈ তেজপুৰৰ বিভিন্ন অনুষ্ঠানে দাবী উত্থাপন কৰি অহা ব্ৰহ্মপুত্ৰৰ বুকুত নষ্ট হ'বলৈ উপক্ৰম হোৱা হৰ্জ্জৰবৰ্ম্মণৰ বিখ্যাত শিলালিপিখন যিকোনো প্ৰকাৰে সংৰক্ষণ কৰিবলৈ ব্যাপক ততপৰতা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে তেজপুৰৰ ইতিহাস সচেতন অথবা ইতিহাস অনুসন্ধিৎসু বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে হৰ্জ্জৰবৰ্ম্মণৰ সেই শিলালিপিখন সংৰক্ষণ কৰিবলৈ দাবী উত্থাপন কৰি অহাৰ পিছত শেহতীয়াকৈ তেজপুৰ সাহিত্য সভাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল সংৰক্ষণৰ বাবে । স্মাৰক পত্ৰ লাভ কৰাৰ দুদিন পিছতেই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে তেজপুৰ সাহিত্য সভাৰ প্ৰতিনিধিক লগত লৈ ব্ৰহ্মপুত্ৰৰ পানীত ডুব গৈ থকা সেই প্ৰখ্যাত শিলালিপিখনৰ অৱস্থা পৰ্যবেক্ষণ কৰি সংশ্লিষ্ট বিভাগ সমূহক ইয়াৰ বিহিত ব্যৱস্থাৰ নিৰ্দেশনা জাৰি কৰাৰ পিছত কালি পুনৰ জিলা আয়ুক্ত গৰাকীয়ে কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগ আৰু ৰাজ্যিক পুৰাতাত্বিক বিভাগৰ বিষয়াক লগত সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰে ।

উল্লেখ্য যে এই পৰ্যবেক্ষণৰ সময়ত শোণিতপুৰৰ সহকাৰী আয়ুক্ত অৰুণাভ বৰকটকী, লোক নিৰ্মাণ বিভাগ পথ (PWRD)-ৰ কাৰ্যবাহী অভিযন্তা নিত্যৰঞ্জন বৰকটকী, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা খনিন্দ্ৰ বৰ্মন তেজপুৰ সাহিত্য সভাৰ সম্পাদক তথা ইতিহাস বিভাগৰ অধ্যাপক ড০ পল্লৱ ভট্টাচাৰ্য্য আৰু অন্যান্য সংশ্লিষ্ট বিষয়ববীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিৰ ৰুদ্ৰপদ (ভৈৰৱপদ)ৰ ঐতিহাসিক হৰ্জৰ বৰ্মণৰ শিলালিপি স্থান পৰিদৰ্শন কৰে। বিভিন্ন দিশত মহত্ব আৰু গুৰত্ব প্ৰতিপন্ন হোৱা এই বিশেষ শিলালেখ বা শিলালিপিখনৰ বৰ্তমানৰ অৱস্থা পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে সকলো বিভাগৰ উপস্থিত বিষয়া সকলক নিৰ্দেশনা জাৰি কৰে জিলা আয়ুক্ত গৰাকীয়ে ।

ইয়াৰ পিছতেই কালি জিলা আয়ুক্তগৰাকী আৰু বিষয়বীয়াসকলৰ দলটিয়ে অগ্নিগড় উদ্যান পৰিদৰ্শন কৰি উদ্যানখনলৈ অহা পৰ্যটকসকলৰ বাবে অধিক সুগমতা নিশ্চিত কৰাৰ লগতে সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে নিৰ্মীয়মাণ লিফ্ট সুবিধাৰ অগ্ৰগতি পৰ্যালোচনা কৰে । উল্লেখ্য যে ভৈৰৱপদৰ এই বিখ্যাত শিলালেখনৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি সোচ্চাৰ হৈ থকা ৰাজ্যখনৰ বিশিষ্ট বুৰঞ্জীবিদ তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কনক চন্দ্ৰ শৰ্মা আৰু বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই জিলা আয়ুক্ত গৰাকীৰ এই তৎপৰতাত সন্তষ্টি প্ৰকাশ কৰিছে ।

আনহাতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট বুৰঞ্জীবিদ, লেখক কনক চন্দ্ৰ শৰ্মাই জিলা আয়ুক্ত গৰাকীৰ এই তৎপৰতাৰ বিষয়ে জানিব পাৰি ইতিমধ্যে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যৰ সৈতে যোগাযোগ কৰি জিলা আয়ুক্ত গৰাকীৰ এই পদক্ষেপত নিজেও তেজপুৰত থাকি সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াব বুলি জানিবলৈ দিয়ে। লগতে প্ৰয়োজন সাপেক্ষে চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী গৰাকীকো নিজাববীয়াকৈ বিশেষভাৱে অৱগত কৰিব বুলি আজি জানিবলৈ দিয়ে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande