
–তৎকালে নলা-নৰ্দমা পৰিষ্কাৰ আৰু জাবৰ নিষ্কাশন তীব্ৰতৰ কৰাৰ নিৰ্দেশ মন্ত্ৰী কৌশিক ৰায়ৰ*
নলা-নৰ্দমা ব্যৱস্থাপনা সন্দৰ্ভত এছ অ' পি আৰু বাৰ্ষিক কেলেণ্ডাৰ প্ৰস্তুতৰ নিৰ্দেশ
গুৱাহাটী, ২৪ জুলাই (হি.স.)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জনতা ভৱনৰ ব্লক–বি-স্থিত তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটীৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু কৃত্ৰিম বান প্ৰতিৰোধৰ ক্ষেত্ৰত সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এখন পৰ্যালোচনা সভাত অনুষ্ঠিত কৰে।
সভাত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ (পথ) বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ (NHAI) আদি সকলো সংশ্লিষ্ট সংস্থাক গুৱাহাটীৰ সকলো নলা-নৰ্দমা আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাসমূহৰ ব্যাপক পৰিষ্কাৰ আৰু জাবৰ নিষ্কাশনৰ কাম তৎকালে অধিক গতিশীলভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে বৰষুণৰ পানী বাধাহীনভাৱে নিষ্কাশিত হ'ব পাৰে।
মন্ত্ৰীগৰাকীয়ে কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্তক নগৰখনৰ নলা-নৰ্দমা ব্যৱস্থাৰ নিয়মিত ব্যৱস্থাপনাৰ বাবে এখন বিস্তৃত মানসম্পন্ন পৰিচালন পদ্ধতি (SOP) প্ৰস্তুত কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে এক সুস্পষ্ট বাৰ্ষিক কাৰ্যসূচী প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে।
তেওঁ স্পষ্টভাৱে কয় যে নলা-নৰ্দমা পৰিষ্কাৰ কৰাটো কেৱল এককালীন ব্যৱস্থা হ'ব নালাগে। বৰঞ্চ বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে, বৰ্ষাকাল চলি থাকোঁতে, বৰ্ষাৰ পিছত আৰু প্ৰয়োজন অনুসৰি প্ৰতিটো ডাঙৰ বৰষুণৰ পিছতো এই কাম নিয়মীয়াভাৱে সম্পন্ন কৰিব লাগিব।
মন্ত্ৰীগৰাকীয়ে কয় যে মহানগৰখনৰ কৃত্ৰিম বানপানী হ্ৰাস কৰিবলৈ সময়োপযোগী ব্যৱস্থা, নিয়মিত ৰক্ষণাবেক্ষণ আৰু সকলো সংস্থাৰ সমন্বিত দায়বদ্ধতা অতি প্ৰয়োজনীয়।
ৰাজ্য চৰকাৰ গুৱাহাটীক অধিক সুৰক্ষিত, পৰিষ্কাৰ আৰু বানপানী প্ৰতিৰোধী নগৰ হিচাপে গঢ়ি তোলাৰ বাবে বদ্ধ পৰিকৰ।
সভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন আৰু কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্ত স্বপ্নীল পালে ভাৰ্চুৱেল মাধ্যমত অংশগ্ৰহণ কৰে।
সভাত লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব সঞ্জীৱ শ্যাম, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব ড০ জীৱন বি, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় ফুকন, এনএইচএআই-ৰ বিষয়ববীয়া আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিসকল উপস্থিত আছিল।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া