
নগাঁও, ২৪ জুলাই (হি.স.)। উজনি অসমত বান বিভীষিকাৰ মাজতে পুনৰ বৃদ্ধি হ’ল ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটৰ টোলকৰ৷ বানৰ লগতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই ৰহা টোলগেটত পুনৰ টোলকৰ বৃদ্ধি কৰা হ’ল পাঁচ টকাৰ পৰা ত্ৰিশ টকা পৰ্যন্ত৷ লঘু যান বাহনৰ এবাৰত পূৰ্ৱৰ নিৰিখ আছিল ১২৫ টকা৷ নতুন নিৰিখ ১৩০টকা৷
একেদৰে গধুৰ যানবাহনৰ পূৰ্ৱৰ নিৰিখ আছিল ৮০৫টকা আৰু বৰ্তমানৰ নিৰিখ ৮৩০টকা কৰা হ’ল৷ ৰাজ্যৰ দুৰ্যোগৰ সময়তো এনেদৰে হঠাতে টোলকৰ বৃদ্ধি কৰাত সৰৱ হৈ পৰিছে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তথা সাধাৰণ ৰাইজ৷ ৰাজ্যবাসীৰ দুৰ্যোগৰ সময়ত চৰকাৰে কেকোৰা চেপা দিয়া বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে হঠকাৰী কাৰ্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৰহাৰ বিভিন্ন দল-সংগঠনে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা