
বৰপেটা, ২৪ জুলাই (হি.স.): বজালীৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বৃহস্পতিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । বজালীৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাৱে আহত হয় ।
জানিব পৰা মতে, এএছ ০১ এইচচি ৯৭১৬ নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পিছফালে এএছ ২৮ এচি ২০৬৩ নম্বৰৰ এখন মালবাহী এচিই বাহনে খুন্দা মৰাৰ ফলত বাহনখনত থকা ভোটাত সাদেৰী গাঁৱৰ ৰাজু শৰ্মা গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাৰ পিছতেই পাঠশালা আৰক্ষীয়ে তৎপৰতাৰে আহত ৰাজু শৰ্মাক উদ্ধাৰ কৰি পাঠশালা মদন ৰাউটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইফালে, দুৰ্ঘটনাৰ পিছতে এচিই বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি অভিযোগ উত্থাপিত হৈছে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে পাঠশালা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ