শিৱসাগৰ নগৰৰ পানী কিছু পৰিমাণে হ্ৰাস:দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি
শিৱসাগৰ, ২৪ জুলাই (হি.স.)। শিৱসাগৰ নগৰৰ ভিতৰত প্ৰৱেশ কৰা বাঢ়নী পানী কিছু পৰিমাণে হ্ৰাস পাইছে ।নগৰৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাত জনসাধাৰণৰ মাজত সন্তোষৰ ভাৱ প্ৰতিফলিত হলেও এতিয়াও জালবন্দী নগৰবাসী । ব্যবসায়ী প্ৰতিষ্ঠান, আবাস গৃহ সকলো এতিয়াও পানীত
শিৱসাগৰ নগৰৰ পানী কিছু পৰিমাণে হ্ৰাস:দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি


শিৱসাগৰ, ২৪ জুলাই (হি.স.)। শিৱসাগৰ নগৰৰ ভিতৰত প্ৰৱেশ কৰা বাঢ়নী পানী কিছু পৰিমাণে হ্ৰাস পাইছে ।নগৰৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাত জনসাধাৰণৰ মাজত সন্তোষৰ ভাৱ প্ৰতিফলিত হলেও এতিয়াও জালবন্দী নগৰবাসী ।

ব্যবসায়ী প্ৰতিষ্ঠান, আবাস গৃহ সকলো এতিয়াও পানীত তলত আনহাতে কালি পুৱাৰ পৰা দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈ পৰীয়া ৰাইজৰ পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।প্ৰথমটোৰ বানত সৰ্বস্বান্ত হোৱা ৰাইজে পানী কম হোৱাত ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল । কিন্তু এদিনৰ পিছতে দিখৌৰ দ্বিতীয়তো বাঢ়নী পানীয়ে পুনৰ মথাউৰিৰ ওপৰলৈ অথবা নিৰাপদ স্থানলৈ ওলাই আহিবলৈ বাধ্য হল ।বানাক্ৰান্ত ৰাইজৰ অতিয়ে খাদ্যবস্তু,বিশুদ্ধ খোৱাপানীৰ অতিকৈ প্ৰায়োজন।প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ কৰিছে বানাৰ্তই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande