
কামৰূপ, ২৪ জুলাই (হি.স.)। বিকশিত অসমৰ পয়ালগা উন্নয়নৰ প্ৰতিচ্ছবি । ৰঙিয়া সমষ্টিত উন্নয়নৰ ঢাক ঢোল বজাই অহাৰ সময়তে জামতোলাত আত্ম প্ৰচেষ্টাৰে গ্ৰাম্য পথ নিৰ্মাণ স্থানীয় ৰাইজৰ।
মধ্য পাণ্ডুৰী গাও পঞ্চায়তৰ অন্তৰ্গত চুবুৰীটোৰ পথটি সুচল নোহোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে স্থানীয় ৰাইজে। তৃতীয়টো কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত ভবেশ কলিতাক বাৰম্বাৰ জনোৱা অনুৰোধৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে স্থানীয় বিধায়ক গৰাকীৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি গাঠিৰ ধন ভাগি পথটি মেৰামতি কৰিবলৈ বাধ্য হয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা