
গোলাঘাট, ২৪ জুলাই (হি.স.)। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ ৰেডিয়েল গেট মুকলি কৰাৰ পিছতে দৈয়াং নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ ফলত গোলাঘাট জিলাৰ নদী সংলগ্ন নিম্নাঞ্চলসমূহত সতৰ্কতা বৃদ্ধি কৰা হৈছে।
নদীপাৰত বসবাস কৰা লোকসকলক সাৱধান হৈ থাকিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু