
ধুবুৰী, ২৪ জুলাই (হি.স.)। বিলাসীপাৰাৰ হাকামা ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত আৰক্ষীয়ে খেদি খেদি দুখন পালচাৰ বাইকসহ তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক কৰে।
ড্ৰাগছ ব্যৱসায়ী কেইজনে বঙাইগাঁও জিলাৰ পৰা বিলাসীপাৰাত বিক্ৰী কৰাৰ সময়তেই আটক কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ ব্যৱসায়ী ক্ৰমে জয়নাল আলী,হাসেম আলী আৰু মফিদুল ইছলাম। আটাইকেইটা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰ বঙাইগাঁও জিলাৰ খেলুৱাপাৰা আৰু বালাপাৰাত। ড্ৰাগছ ব্যৱসায়ী পৰা ৪০০০ হাজাৰ য়াৱা টেবলেট জব্দ কৰে আৰক্ষীয়ে।য়াৱা টেবলেট বজাৰৰ মূল্য ৬০ লক্ষাধিক টকাৰ হ'ব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। সমগ্ৰ ঘটনাই বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ