
শিৱসাগৰ, ২৪ জুলাই (হি.স.)। মানৱতাৰ স্বাৰ্থত আটছাৰ বান সাহায্য অভিযান।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইকৰ নেতৃত্বত, আটছা গোলাঘাট জিলা সমিতিৰ আৰু বোকাখাত, খুমটাই, গোলাঘাট, দেৰগাঁও, সৰুপথাৰ তথা বৰপথাৰ শাখাৰ আন্তৰিক সহযোগত শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ মাজত এক বৃহৎ সাহায্য অভিযান সফলতাৰে ৰূপায়ণ কৰা হয়।
এই সাহায্য অভিযানৰ জৰিয়তে ৩,০০০ জনতকৈ অধিক বানপীড়িত লোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। দুৰ্যোগৰ এই সংকটময় সময়ত আৰ্তজনৰ কাষত থিয় দি মানৱতাৰ সেৱাত আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত আটছাই পুনৰ এবাৰ নিজৰ সামাজিক দায়বদ্ধতা আৰু জনসেৱাৰ মনোভাৱৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা