ধুবুৰীত ১৭ বছৰীয়া ছাত্ৰীৰ বানৰ বাঢ়নী পানীত পৰি মৃত্যু
ধুবুৰী, ২৪ জুলাই (হি.স.)। ধুবুৰীত ১৭ বছৰীয়া ছাত্ৰীৰ বানৰ বাঢ়নী পানীত পৰি মৃত্যু। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষৰ গদাধৰ নৈত পৰি কৰুণ মৃত্যুক সাৱটি ল
ধুবুৰীত ১৭ বছৰীয়া ছাত্ৰীৰ বানৰ বাঢ়নী পানীত পৰি মৃত্যু


ধুবুৰী, ২৪ জুলাই (হি.স.)। ধুবুৰীত ১৭ বছৰীয়া ছাত্ৰীৰ বানৰ বাঢ়নী পানীত পৰি মৃত্যু।

ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষৰ গদাধৰ নৈত পৰি কৰুণ মৃত্যুক সাৱটি লয়।

ধুবুৰীৰ ১ নং ৱাৰ্ডৰ মেলা ঘাট এলেকাৰ বাসিন্দা

ৰামচন্দ্ৰ গোৱালাৰ কন্যা আকছাৰা গোৱালাৰ মৃতদেহ ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিছে।

১৭ বছৰীয়া ছাত্ৰী গৰাকীৰ কৰুণ মৃত্যুত সমগ্ৰ অন্চল টোত শোকৰ ছাঁ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande