গোলাঘাটত পথৰ ওপৰত আশ্ৰয় গ্ৰহণ বানাক্ৰান্তৰ
গোলাঘাট, ২৪ জুলাই (হি.স.)। গোলাঘাট জিলাখনত বানপানী কিছু কমিছে যদিও দুখ দুৰ্দশা কমা নাই বানাক্ৰান্তৰ৷ গোলাঘাট সমষ্টিৰ অন্তৰ্গত বচা পুলিকাইটনী,বেবেজীয়া, গুৱালজান,মক্ৰংহাবি আদি গাঁওসমূহত পথৰ ওপৰত আশ্ৰয় গ্ৰহণ বহু কেইটা পৰিয়াল৷ আশ্ৰয় শিবিৰত থকা বান
গোলাঘাটত পথৰ ওপৰত আশ্ৰয় গ্ৰহণ বানাক্ৰান্তৰ


গোলাঘাট, ২৪ জুলাই (হি.স.)। গোলাঘাট জিলাখনত বানপানী কিছু কমিছে যদিও দুখ দুৰ্দশা কমা নাই বানাক্ৰান্তৰ৷ গোলাঘাট সমষ্টিৰ অন্তৰ্গত বচা পুলিকাইটনী,বেবেজীয়া,

গুৱালজান,মক্ৰংহাবি আদি গাঁওসমূহত পথৰ ওপৰত আশ্ৰয় গ্ৰহণ বহু কেইটা পৰিয়াল৷

আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তসকলে পশুখাদ্যৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা কথা উল্লেখ কৰে৷ইফালে দেৰগাও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজনাখাট মাউট গাও, বছা বকতিয়াল গাওঁতো একে পৰিবেশ।ঠাই বিশেষে পানী কমিছে যদিও ঘৰ দুৱাৰ বাৰী সমূহসমূহ এককাল ৰ পৰা এআঠু হৈছে। পথাৰ সমূহত সাগৰ সদৃশ পৰিবেশে। পশুধনৰ সৈতে ৰাজপথতে সহবাস বানাক্ৰান্ত ৰাইজৰ।খেতি পথাৰ,বাৰী সম্পূৰ্ণ নষ্ট হোৱাত হাহাকাৰ দিশহাৰা বানবিধস্ত এলেকা সমূহ গোলাঘাট,দেৰগাওঁ,

বোকাখাট আৰু খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩৫ খন গাওঁ আৰু প্ৰায় ১৮ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande