নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত ৰাইজৰ হাতত আটক হল গৰু চোৰ
নলবাৰী, ২৪ জুলাই (হি.স.)। নলবাৰীত গৰু দীৰ্ঘদিন ধৰি গৰু চোৰৰ সন্ত্ৰাস চলি থকাৰ মাজতেই নিশা ৰাইজৰ হাতত ধৰা পৰিল গৰু চোৰ।নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত ৰাইজৰ হাতত আটক হল গৰু চোৰ। আটকাধীন তিনি চোৰক নিশা ৰাইজে আটক কৰি সোধালে উত্তম মাধ্যম৷নিশা নলবাৰীৰ
নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত ৰাইজৰ হাতত আটক হল গৰু চোৰ


নলবাৰী, ২৪ জুলাই (হি.স.)। নলবাৰীত গৰু দীৰ্ঘদিন ধৰি গৰু চোৰৰ সন্ত্ৰাস চলি থকাৰ মাজতেই নিশা ৰাইজৰ হাতত ধৰা পৰিল গৰু চোৰ।নলবাৰীৰৰ দীঘেলি ভক্তদলা চুবুৰীত ৰাইজৰ হাতত আটক হল গৰু চোৰ। আটকাধীন তিনি চোৰক নিশা ৰাইজে আটক কৰি সোধালে উত্তম মাধ্যম৷নিশা নলবাৰীৰ দীঘেলি ভক্তদলা চুবুৰীত এখন টাটা মেজিক বাহন সহ তিনিখন বাহন লৈ গৰু চোৰ কৰিবলৈ আহিছিল চোৰৰ দল৷

দীৰ্ঘদিন ধৰি দীঘেলী অঞ্চলত গৰু চুৰিকাণ্ড সংঘটিত হৈ আছিল।গোহালিৰ পৰা বহু গৰু চোৰ হোৱাৰ লগতে দিনৰ পোহৰতো মথাউৰিৰ পৰা চুৰি হৈছিল গৰু।অৱশেষত নিশা ৰাইজে পহৰা দিয়াৰ কৰীছিল ব্যৱস্থা।আৰু এই পহৰা দিয়া দলৰ হাততে আটক হল গৰু চোৰৰ দল। গৰু চুৰ কৰিবলৈ আ।ই ৰাইজৰ হাতত ধৰা পৰিল তিনি গৰু চোৰ।আজি যেন চোৰৰ দিন বেয়া আছিল।যাৰ অৱস্থা হল এইয়া।অবশ্যে আন দুখন বাহনত অহা গৰু চোৰ কেইটা বাহন সহ পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। আটকাধীন গৰু চোৰ কেইটা ধুবুৰীৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।গৰু চোৰ কেইটাই অনা বাহন খনৰো ক্ষতি কৰে উত্তেজিত লোকে।ঘটনাস্থলীত নলবাৰী আৰু মুকালমুৱা আৰক্ষী উপস্থিত হৈ চোৰৰ দলক ছমজি লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।উল্লেখ্য যে আৰক্ষীৰ বিৰুদ্ধেও স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande