গ্ৰাহক সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মালবাহী সেৱাত নতুন পদক্ষেপ
গুৱাহাটী, ২৪ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে''লৱেই সমগ্ৰ নেটৱৰ্কজুৰি মালবাহী ৰাজহ বৃদ্ধি কৰাৰ লগতে মালবাহী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লগতে মাল পৰিবহনৰ পৰা আহৰণ হোৱা ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে কেইবাটাও গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰিছে। সামগ্ৰী
গ্ৰাহক সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মালবাহী সেৱাত নতুন পদক্ষেপ


গুৱাহাটী, ২৪ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই সমগ্ৰ নেটৱৰ্কজুৰি মালবাহী ৰাজহ বৃদ্ধি কৰাৰ লগতে মালবাহী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লগতে মাল পৰিবহনৰ পৰা আহৰণ হোৱা ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে কেইবাটাও গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰিছে। সামগ্ৰী পৰিবহন অধিক দ্ৰুত, কাৰ্যক্ষম আৰু গ্ৰাহকসকলৰ বাবে অধিক সুবিধাজনক কৰি তোলাই হৈছে এই পদক্ষেপসমূহৰ লক্ষ্য।

পাৰ্চেল পৰিচালনৰ সুবিধা সম্প্ৰসাৰণ কৰাৰ অৰ্থে লামডিং মণ্ডলৰ অন্তৰ্গত নাৰেংগী ষ্টেচনটো চলিত বৰ্ষৰ ১০ জুনৰ পৰা অন্তৱৰ্তী আৰু বহিৰ্গামী উভয় ধৰণৰ লিজত দিয়া পাৰ্চেল সামগ্ৰীৰ বাবে লগতে এছএলআৰ আৰু পাৰ্চেল ভেনত পাৰ্চেল স্থানৰ আগতীয়া বুকিং আৰু চাহিদাভিত্তিক পাৰ্চেল পৰিবহন পৰিচালনৰ বাবে মুকলি কৰা হৈছে।

আনহাতে, মালবাহী ৰেলৰ পৰিচালন অধিক সুগম কৰাৰ উদ্দেশ্যে কাটিহাৰ মণ্ডলৰ বালুৰঘাট–হিল্লি খণ্ডত নতুনকৈ নিৰ্মাণ কৰা ব্ৰড গজ ষ্টেচনসমূহৰ বাবে চলিত বৰ্ষৰ ২৩ জুনৰ পৰা শুল্ক প্ৰযোজ্য আন্তঃদূৰত্বৰ অনুমোদন দিয়া হৈছে, পৰিণামস্বৰূপে মালবস্তু পৰিবহন অধিক সুগম হৈ পৰিব।

উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ বিভিন্ন মণ্ডলত মালবস্তুৰ লোডিঙৰ দিশত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। আলিপুৰদুৱাৰ মণ্ডলে ৬ খন ৰেক (২৫২টা ৱাগন) মাকৈ লোড কৰি ৪.২২ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন কৰাৰ লগতে কাটিহাৰ মণ্ডলেও ৩৯ খন মাকৈ ভৰ্তি ৰেক লোড কৰি ২৩.৫৩ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হয়।

লামডিং মণ্ডলেও ১,৭১২ খন ৱাগনত ষ্টোন চিপছ বুকিং কৰি ৬.৯৭ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰে। ইয়াৰ উপৰিও ২,৪২০ খন ৱাগনত চিমেণ্ট লোড কৰি ৯.৮৯ কোটি টকা আৰু ৪৪৪ খন ৱাগনত পেট্ৰ'লিয়াম, তেল আৰু লুব্ৰিকেণ্ট লোড কৰি ৪.০৮ কোটি টকাৰ অতিৰিক্ত ৰাজহো উপাৰ্জন কৰিবলৈ সক্ষম হয়।

ই পদক্ষেপসমূহে মালবাহী সুবিধা সম্প্ৰসাৰণ, লজিষ্টিক্স আন্তঃগাঁথনি অধিক শক্তিশালীকৰণ আৰু পণ্য পৰিবহণ অধিক কাৰ্যক্ষম কৰি গ্ৰাহকসকলক উন্নত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অব্যাহত প্ৰচেষ্টাক প্ৰতিফলিত কৰে। ৰে'লপথে পণ্য পৰিবহণৰ অধিক সুযোগ সৃষ্টি কৰাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱে অঞ্চলটোৰ বাণিজ্য, অৰ্থনৈতিক বিকাশ আৰু নিৰ্ভৰযোগ্য মালবাহী সেৱা শক্তিশালী কৰাৰ প্ৰতি নিজৰ অংগীকাৰ অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande