
নতুন দিল্লী, ২৪ জুলাই (হি.স.)। এনইইটি-ইউজি প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দুমাহ ধৰি মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশে কয় যে ব্যাপক জনতাৰ ক্ষোভৰ পিছত অৱশেষত চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ সত্যতা স্বীকাৰ কৰিবলগীয়া হ’ল। তেওঁ অভিযোগ কৰে যে চৰকাৰে ধাৰাবাহিকভাৱে নিজৰ ৰাজনৈতিক স্বাৰ্থক ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ ওপৰত ৰাখিছিল, দুৰ্বল তদন্ত চলাইছিল, জবাবদিহিতা এৰাই চলিছিল। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদৰ পৰা অপসাৰণ, ছাত্ৰ-ছাত্ৰীৰ ওপৰত হিংসা সংঘটিত কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনাৰ দাবী জনায়।
শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত জয়ৰাম ৰমেশে কয় যে প্রধানমন্ত্রীয়ে প্রায় দুমাহ মৌনতাৰ অন্তত প্রশ্নকাকত ফাদিল হোৱা বিষয়টোক লৈ গভীৰ নিশা ভিডিঅ’ বার্তা প্রকাশ কৰে৷ তেওঁ দাবী কৰে যে চৰকাৰে দীৰ্ঘদিন ধৰি এনইইটি-ইউজি ২০২৬ প্ৰশ্নকাকত ফাদিল হোৱা বুলি স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইচ্ছাকৃতভাৱে সংবাদমেলত লিক শব্দটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে আৰু শিক্ষা মন্ত্ৰালয়েও আনুষ্ঠানিকভাৱে শিক্ষা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সন্মুখত উল্লেখ কৰে যে কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাই।
তেওঁ কয় যে জনসাধাৰণৰ তীব্ৰ হেঁচাত অৱশেষত প্ৰধানমন্ত্ৰীয়ে সত্য স্বীকাৰ কৰিবলৈ বাধ্য হ’ল যদিও চৰকাৰৰ মনোভাৱে ইয়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আস্থা সম্পূৰ্ণৰূপে ক্ষয় কৰিছে।
তেওঁ অভিযোগ কৰে যে ২০২৪ চনৰ এনইইটি-ইউজি পৰীক্ষাত একাংশ পৰীক্ষা কেন্দ্ৰত সন্দেহজনকভাৱে অধিক সংখ্যক টপাৰৰ উন্মেষ ঘটিলেও চৰকাৰে ব্যাপক অনিয়মৰ প্ৰমাণ দমন কৰে। পিছত চৰকাৰে স্বীকাৰ কৰে যে হাজৰিবাগত বাছনিমূলক প্ৰশ্নকাকত ফাদিল হৈছিল যদিও এতিয়াও দোষীক ন্যায়ৰ কাষ চাপিব পৰা নাই।
জয়ৰাম ৰমেশে কয় যে পূর্বে প্রশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ডৰ অভিযোগ উত্থাপন হোৱা সঞ্জীৱ মুখীয়াক এতিয়া নিৰীহ ঘোষণা কৰা হৈছে৷ ২০২৪ চনত বাতিল হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগ-ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (ইউজিচি-নেট) গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই বন্ধৰ প্ৰতিবেদন দাখিল কৰি কয় যে কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাই যদিও ইয়াৰ কাৰণ আজিলৈকে প্ৰকাশ কৰা হোৱা নাই।
তেওঁ কয় যে এই সংকট চিবিআইৰ দুৰ্বল তদন্ত আৰু চৰকাৰৰ নেতৃত্বৰ ব্যৰ্থতাৰ ফল।
জয়ৰাম ৰমেশে কয় যে এই সমগ্ৰ সমস্যা সমাধানৰ দিশত প্ৰথম পদক্ষেপ হ’ল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদৰ পৰা অপসাৰণ কৰা, ছাত্ৰ-ছাত্ৰীৰ ওপৰত হিংসা সংঘটিত কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, আৰু ছাত্ৰ-ছাত্ৰীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচৰা।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ