বাক্সা জিলাৰ মুছলপুৰত প্ৰেছ ইনফৰ্মেচন ব্যুৰো(পিআইবি)ৰ এদিনীয়া কৰ্মশালা
বাক্সা, ২৪ জুলাই(হি.স.)। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰেছ ইনফৰ্মেচন ব্যুৰো(পিআইবি)ৰ তৰফৰ পৰা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদ দাতা সকলক লৈ বাৰ্তা নামেৰে এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। আগন্তুক হব লগীয়া লোকপিয়ল ২০২৭ক অধিক প
বাক্সা জিলাৰ মুছলপুৰত প্ৰেছ ইনফৰ্মেচন ব্যুৰো(পিআইবি)ৰ এদিনীয়া কৰ্মশালা


বাক্সা, ২৪ জুলাই(হি.স.)। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰেছ ইনফৰ্মেচন ব্যুৰো(পিআইবি)ৰ তৰফৰ পৰা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদ দাতা সকলক লৈ বাৰ্তা নামেৰে এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। আগন্তুক হব লগীয়া লোকপিয়ল ২০২৭ক অধিক প্ৰচাৰ আৰু প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা এই কৰ্মশালাত জিলা আয়ুক্ত তথা বাক্সা জিলা লোকপিয়ল অধ্যক্ষ কিম্নেই চাংচান উপস্থিত থকাৰ লগতে লোকপিয়ল বিভাগৰ উপ- পঞ্জীয়ক জেনেৰেল ভাৰতী চান্দা, প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ যৌথ সঞ্চালক পানভী গুপ্তা উপস্থিত থাকে।

কৰ্মশালাত অংশগ্ৰহণ কৰি উপ- পঞ্জীয়ক জেনেৰেল ভাৰতী চান্দাই লোকপিয়ল ২০২৭ৰ বিভিন্ন দিশৰ ওপৰত বিতং ভাবে নিজৰ ভাষণ ৰখাৰ লগতে এইবাৰ হ'বলগীয়া স্ব-গণনা পদ্ধতিৰ বিভিন্ন দিশ সমূহৰ বিষয়ে আলোচনা কৰে। উল্লেখ্য যে এই স্ব-গণনা পদ্ধতিৰ জৰিয়তে ঘৰৰ মুৰব্বী জনে নিজৰ কৰ্মস্থলীত থাকিয়েই ঘৰৰ সবিশেষ তথ্য লোকপিয়ল বিভাগক অনলাইন যোগে প্ৰদান কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande