
মৰিগাঁও, ২৪ জুলাই (হি.স.)।
অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত কাৰ্যালয়ৰ এক চৰকাৰী নিৰ্দেশ অনুসৰি আজিৰে পৰা পুনৰ মৰিগাঁও জিলাত চৰকাৰী নিৰিখত বৰো ধান ক্ৰয় প্ৰক্ৰিয়াৰ কাম আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হৈছে। জিলা খনৰ মনহা ধান ক্ৰয় কেন্দ্ৰত উপস্থিত থাকি এই কাৰ্যৰ শুভাৰম্ভ কৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত কাৰ্যালয়ৰ বিশেষ কাৰ্যকৰী বিষয়া জয়ন্ত মজিন্দাৰ বৰুৱাই। উপস্থিত থাকে ভাৰতীয় কিষান সংঘৰ অসমৰ সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰা। মনহা ধান ক্ৰয় কেন্দ্ৰৰ মেনেজাৰ ৰাজিব উদ্দিন আহমেদে আত ধৰা আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে ঔজাৰী,জালুগুটি,ধিং,কামপুৰ পি পি চি ৰ মেনেজাৰ অংশুমান বৰা, পবিত্ৰ কুমাৰ দাস, ৰঞ্জিত কুমাৰ মেধি আৰু প্ৰদীপ কুমাৰ ডেকা।
তাত্পৰ্যপূৰ্ণ কথাটো হ'ল মৰিগাঁও জিলাত পোন্ধৰতাকৈ ধান ভঙা কলত চৰকাৰী ভাবে তলা লগাই থৈ দিয়া হৈছে অনিয়ম আৰু বিসংগতি কৰাৰ বাবে ।ইয়াৰে ভিতৰত জাগীৰোড সমষ্টিৰ আছে ছয়টা । যাৰ পৰিপ্ৰেক্ষিতত মনহা পি পি চি ৰ অধীনত মাত্ৰ ৯ টা ধান ভঙা কলেহে ধান ভাঙি ভাৰতীয় খাদ্য নিগমক চাউল যোগান ধৰি থাকিবলৈ সক্ষম হৈছে।
মৰিগাঁও জিলাৰ জালুগুটি, দলবাৰী ,মিকিৰভেটা,ভুৰ বন্ধা, জাগীৰোড, ঔজাৰী আৰু কুশতলীত ধান ক্ৰয় কেন্দ্ৰত আজিৰে পৰা আৰম্ভ হৈছে ধান ক্ৰয় প্ৰক্ৰিয়া।
উল্লেখযোগ্য যে যোৱা ৩০ জুনলৈ শালিধান ক্ৰয় কৰি থকা হৈছিল যদিও বৰোধান ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাছিল বিভাগ। জিলা খনত পৰ্যপ্ত পৰিমাণৰ বৰোধান উৎপাদন হোৱাৰ পিছতো চৰকাৰী ভাবে নিৰ্দেশ জাৰি কৰাত পলম হোৱাৰ বাবেই পানীৰ দৰত কৃষক ৰাইজে ধান বিক্ৰী কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। এতিয়াও ঠায়ে ঠায়ে ৬৫০/৭০০ টকা দৰত প্ৰতি মোন ধান বিক্ৰী কৰিব লগা হৈ আছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা