গুৱাহাটীৰ বানপানীৰ বাবেও দায়ী মেঘালয়ঃ প্ৰদ্যুত বৰদলৈ
গুৱাহাটী, ২৪ জুলাই (হি.স.)। শুকুৰবাৰে দিছপুৰৰ বিধায়ক প্ৰদ্যুত বৰদলৈয়ে কয় যে গুৱাহাটীৰ পুনৰাবৃত্তিমূলক বানপানীৰ বাবেও চুবুৰীয়া মেঘালয় দায়ী। বিধায়ক গৰাকীয়ে অসম বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱাৰ সময়তে
Dispur MLA Pradyut Bordoloi talking to media persons.


গুৱাহাটী, ২৪ জুলাই (হি.স.)। শুকুৰবাৰে দিছপুৰৰ বিধায়ক প্ৰদ্যুত বৰদলৈয়ে কয় যে গুৱাহাটীৰ পুনৰাবৃত্তিমূলক বানপানীৰ বাবেও চুবুৰীয়া মেঘালয় দায়ী। বিধায়ক গৰাকীয়ে অসম বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱাৰ সময়তে এই মন্তব্য দিয়ে।

মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ বেদখল ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ লগতে পানী নিষ্কাশন ব্যৱস্থাত প্ৰভাৱ পৰাৰ লগতে ধাৰাসাৰ বৰষুণৰ সময়ত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা বুলিও তেওঁ কয়।

বৰদলৈয়ে কয় যে ৰাজ্য চৰকাৰে অবৈধ বেদখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ অভিযোগ কৰে যে অবৈধ বেদখলৰ বাবে গুৱাহাটীত কৃত্ৰিম বান ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিশালৈকে অসমত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বেছিভাগ অঞ্চলতে তীব্ৰ পানী জমা হোৱাৰ ফলত ৰাইজক ভয়াৱহ কষ্টৰ সন্মুখীন হোৱাৰ লগতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান-বাহন জামত আবদ্ধ হৈ থাকে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande