
ধুবুৰী, ২৪ জুলাই (হি.স.)। পৱিত্ৰ মাদ্ৰাছাত কালিমা সানিলে একাংশ মৌলানাই। ধুবুৰীত মাদ্ৰাছাৰ নাবালিকা ছাত্ৰীক সংঘৰ্ষ কৰি হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
শিক্ষক মৌলানাই নাবালিকা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ফুলকা কাটা ছোৱালী মাদ্ৰাছাৰ (বানাত) কোঠালিৰ ভিতৰতে বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ।
লম্পট শিক্ষক মৌলানা আব্দুছ ছালামৰ নেতৃত্বত আন একাংশ শিক্ষক তথা মৌলানাই নাবালিকা ছাত্ৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা ভয়ংকৰ ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়তৰ সভাপতিকে ধৰি আন সদস্য সকলৰ বিৰুদ্ধে ।
ফুলকা কাটা গাঁও পঞ্চয়তৰ বৰ্তমানৰ সভাপতি মকিবুৰ, প্ৰাক্তন সভাপতি হানিফ আলী, আঞ্চলিক পঞ্চায়ত সদস্য আজাহাৰ, আবেদ দেৱানী আৰু নুৰুল নেতৃত্বত ভয়ংকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা গাপ দিয়া চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।
ধুবুৰী ফুলকা কাটা গাঁও পঞ্চয়তৰ অন্তৰ্গত ফুলকা কাটা ছোৱালী মাদ্ৰাছাৰ (বানাত ) মৌলানা শিক্ষকে উক্ত মাদ্ৰাছাখনৰ আন মৌলানা শিক্ষক সকলৰ লগত মিলি দলবদ্ধ ভাবে ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে।
এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰি মাৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীৰ অভিভাবক সকলে।
যোৱানিশা উক্ত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ফুলকা কাটা গাওঁত চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
আজি নাবালিকা ছাত্ৰীগৰাকীৰ ফকিৰগঞ্জ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।
ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ওচৰত উক্ত ঘটনাৰ সংঘটিত কৰা মৌলানা সকলোৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্ত ভুগী পৰিয়ালে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু