মণিপুৰ আৰক্ষীৰ অভিযানত তিনিজন উগ্ৰপন্থী কেডাৰ আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
ইম্ফল, ২৪ জুলাই (হি.স.)। মণিপুৰ আৰক্ষীয়ে যোৱা ২৩ জুলাইত সমগ্ৰ ৰাজ্যজুৰি চলা পৃথক অভিযানৰ সময়ত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ তিনি সক্ৰিয় কেডাৰ আৰু এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি বিষ্ণুপুৰ থ
Image of the Arrested Accused in Manipur.


ইম্ফল, ২৪ জুলাই (হি.স.)। মণিপুৰ আৰক্ষীয়ে যোৱা ২৩ জুলাইত সমগ্ৰ ৰাজ্যজুৰি চলা পৃথক অভিযানৰ সময়ত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ তিনি সক্ৰিয় কেডাৰ আৰু এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি বিষ্ণুপুৰ থানা এলেকাৰ তেৰা উৰাক চেকপোষ্টৰ পৰা কেৱাইকেএলৰ সক্ৰিয় কেডাৰ আৰু ধনদাবীত জড়িত বুলি অভিযোগ উত্থাপন কৰা মায়াংলম্বাম টম্বা সিং ওৰফে লক্ষ্পা (৩৯) নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁ মূলতঃ চুৰাচান্দপুৰৰ বিজাং খুনৌৰ আৰু বৰ্তমান ফুবালা সাহায্য শিবিৰত থাকি আছিল। আৰক্ষীয়ে জনোৱা মতে, মৈৰাঙৰ পেট্ৰ’ল পাম্পত সংঘটিত হোৱা বিস্ফোৰণতো তেওঁ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ হাতৰ পৰা উদ্ধাৰ হৈছে এটা ৯ এম এম পিষ্টল, এটা মেগজিন, আৰু বিভিন্ন ব’ৰৰ ১১টা সজীৱ কাৰ্টিজ।

আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে মলনম অঞ্চলৰ পৰা ইউকেএনএৰ সক্ৰিয় সদস্য এছ পলাল কুকি ওৰফে লালবয় চিংছনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, তেওঁ সংগঠনটোৰ বিত্ত মুৰব্বী আছিল আৰু তেওঁৰ বিৰুদ্ধে ধন দাবী আৰু কেইবাটাও গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

একেধৰণৰ ক্ৰমত ইম্ফল পূৱ জিলাৰ পোৰোমপাট থানা এলেকাৰ ৱাংখেই আয়াংপালি ৰোডৰ পৰাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুৰুমায়ম খুগামণি শৰ্মা ওৰফে নানাও ওৰফে বামন (৩৭) নামৰ এজন কথিত সক্ৰিয় কেচিপি কেডাৰক। আৰক্ষীৰ মতে, তেওঁ ধন দাবীৰ কামতো জড়িত আছিল।

এক সুকীয়া নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত থৌবাল জিলাৰ লিলং বজাৰৰ বাসিন্দা লাইলা (৩০) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ১০টা চাবোনৰ বাকচত লুকুৱাই ৰখা ৩৮৯ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande