
কহিমা, ২৪ জুলাই (হি.স.)। নগালেণ্ডত ধাৰাবাহিক বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন।
ডিমাপুৰ–কহিমা সংযোগী ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। পাহাৰ খহি পথৰ ওপৰত মাটি-পাত্থৰ পৰাৰ ফলত কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে গুৰুত্বপূৰ্ণ পথটো।
ফলত পথটোত সৃষ্টি হয় তীব্ৰ যান-জঁট।
পুৱতি নিশা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ তৎপৰতাত পথৰ পৰা মাটি-পাথৰ আঁতৰাই পুনৰ যান-বাহন চলাচলৰ বাবে মুকলি কৰা হয় পথটো।
ইফালে, নগালেণ্ডৰ বিভিন্ন স্থানত ধাৰাবাহিক বৰষুণৰ ফলত বৰ্তমানেও অব্যাহত আছে ভূমিস্খলনৰ ঘটনা। যিকোনো সময়তে পুনৰ ভূমিস্খলনৰ আশংকা থকাৰ বাবে পথচাৰী আৰু যান-বাহন চালক সকলক সাৱধানতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা