
নতুন দিল্লী, ২৪ জুলাই (হি.স.)। এনইইটি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিডিঅ’ বাৰ্তাৰ পিছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে সংসদৰ বাহিৰত একপক্ষীয় বক্তব্য দিয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে সংসদলৈ আহি উত্তৰ দিব লাগে । সদনলৈ অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মন্ত্ৰীপদৰ পৰা বৰ্খাস্ত কৰি ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা খুজি ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু পেলেট গান ব্যৱহাৰৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত খৰ্গে লিখিছে যে সংসদৰ বাহিৰত নিজৰ কথা ক’বলৈ গভীৰ নিশা ভিডিঅ’ প্ৰকাশ কৰাতকৈ প্ৰধানমন্ত্ৰীয়ে সংসদৰ অধিৱেশন চলি থকাৰ সময়ত সংসদৰ মজিয়াত বক্তব্য দিব লাগে । তেওঁ কয় যে সদনলৈ অহাৰ পূৰ্বে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদৰ পৰা অপসাৰণ কৰিব লাগে।
কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাহুল গান্ধীয়ে উত্থাপন কৰা দাবীসমূহ পুনৰবাৰ উল্লেখ কৰি কয় যে চৰকাৰে প্ৰথমে ৰাজহুৱাভাৱে ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে লাঠী আৰু পেলেট বন্দুক ব্যৱহাৰ কৰাৰ দায়িত্বত থকা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেতিয়াহে শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা ব্যৱস্থাৰ উন্নতিৰ সন্দৰ্ভত বিতং আলোচনা কৰিব পৰা যাব।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে গভীৰ নিশা প্ৰকাশ পোৱা এটা ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে বিগত ডেৰ-দুমাহত চৰকাৰে প্ৰশ্নকাকত ফাদিল হোৱা ৰোধৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, আৰু দোষীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে । তেওঁ কয় যে প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে দ্ৰুতগতিত আদালত স্থাপন আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ সন্দৰ্ভত বিষয়াসকলে খচৰা প্ৰস্তুত কৰি তেওঁক দাখিল কৰিছে। এই খচৰা শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত আলোচনা কৰা হ’ব আৰু পৰামৰ্শ লাভ কৰাৰ পিছত ইয়াক চূড়ান্ত কৰি অতি সোনকালে সংসদত দাখিল কৰা হ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ