টীয়কৰ এফ,আৰ, ইউ চিকিৎসালয়ত ৰোগী আৰু বানাক্ৰান্ত ৰাইজক স্বেচ্ছাসেৱী সংগঠনৰ খাদ্য -সামগ্ৰী বিতৰণ
যোৰহাট, ২৪ জুলাই (হি.স.)। টীয়কৰ এফ,আৰ, ইউ চিকিৎসালয়ত ৰোগী আৰু বানাক্ৰান্ত ৰাইজক স্বেচ্ছাসেৱী সংগঠনৰ খাদ্য -সামগ্ৰী বিতৰণ । শিকলিৰ পদক্ষেপক স্থানীয় ৰাইজৰ শলাগ জ্ঞাপন। টীয়কৰ এটি অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শিকলিয়ে বিগত বৰ্ষত ৰাই
টীয়কৰ এফ,আৰ, ইউ চিকিৎসালয়ত ৰোগী আৰু বানাক্ৰান্ত ৰাইজক স্বেচ্ছাসেৱী সংগঠনৰ খাদ্য -সামগ্ৰী বিতৰণ


যোৰহাট, ২৪ জুলাই (হি.স.)। টীয়কৰ এফ,আৰ, ইউ চিকিৎসালয়ত ৰোগী আৰু বানাক্ৰান্ত ৰাইজক স্বেচ্ছাসেৱী সংগঠনৰ খাদ্য -সামগ্ৰী বিতৰণ ।

শিকলিৰ পদক্ষেপক স্থানীয় ৰাইজৰ শলাগ জ্ঞাপন।

টীয়কৰ এটি অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শিকলিয়ে বিগত বৰ্ষত ৰাইজৰ মাজত সোমাই বিভিন্ন আৰ্ত জনক সহায় কৰি আহিছে। এইবাৰ শিকলিয়ে বানপানীৰ প্ৰতি লক্ষ্য ৰাখি টীয়ক এফ আৰ ইউত থকা ৰোগীসকলৰ লগতে কৰ্তব্যৰত চিকিৎসক, নাৰ্ছক একোটাকৈ খাদ্যৰ টোপোলা প্ৰদান কৰে। লগতে বানপীড়িত টীয়কৰ বঙালী গাঁৱৰ ৰাইজক পানী আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে অনুষ্ঠানটোৱে। আনহাতে অনুষ্ঠানটোৱে দিনে-নিশাই বানপীড়িত ৰাইজৰ লগত সহযোগিতা কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে শিকলিৰ সম্পাদক অৰূপ জ্যোতি হাজৰিকা,উপদেষ্টা পৰাগ জ্যোতি বৰুৱা,দিপুল শইকীয়া, অমল কুমাৰ বৰুৱা, সভাপতি ত্ৰিদীপ জ্যোতি বৰা, সুশান্ত বৰবৰা, সদস্যা অনুষ্কৃতা হাজৰিকা, প্ৰমোদ গগৈ ,পংকজ গগৈ উপস্থিত থাকে। শোচনীয় বান পৰিস্থিতিত বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যসূচীক ৰাইজে ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানটোক ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande